Tuesday, October 4, 2022
HomeNewsজিঅ' আই পি এল নে পতঞ্জলি আই পি এল? আই পি এলৰ...

জিঅ’ আই পি এল নে পতঞ্জলি আই পি এল? আই পি এলৰ স্পনছ’ৰশ্বিপক লৈ অনুৰাগীৰ সমাধান সূত্ৰ

অলিম্পিয়া বাৰ্তা

চীনৰ মোবাইল নিৰ্মাতা প্ৰতিষ্ঠান vivo ই ২০২০ বৰ্ষৰ আই পি এলৰ স্পনছ’ৰশ্বিপৰ পৰা নিজৰ নাম আঁতৰাই দিয়াৰ পাছত বিবুধিত পৰিছে বি চি চি আই। মাজত মাত্ৰ এটা মাহ থকাৰ অৱস্থাত এতিয়া নতুন স্পনছ’ৰশ্বিপ বিচাৰি হাবাথুৰি খাব লগীয়া হৈছে বি চি চি আই।

উল্লেখযোগ্য যে ২০১৮ ৰ পৰা ২০২৩ লৈ পাঁচবছৰৰ বাবে চুক্তিবদ্ধ হৈছিল Vivo। এই পাঁচ বছৰৰ বাবে মোবাইল নিৰ্মানকাৰী প্ৰতিষ্ঠানটোৱে বি চি চি আইক ২১৯৯ কোটি টকা প্ৰদান কৰিছিল।

২০২০ চনৰ আই পি এল ১৯ ছেপ্টেম্বৰৰ পৰা আৰব এমিৰাটছত অনুষ্ঠিত হোৱাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে বি চি চি আইয়ে।

২০২০ ৰ আই পি এলৰ স্পনছ’ৰত পূৰ্বৰ দৰেই Vivo য়েই থাকিব বুলি ঘোষণা হোৱাত সমগ্ৰ ভাৰত তোলপাৰ লাগে। কিয়নো সীমান্তত ভাৰতীয় সৈন্য আৰু চীনৰ সৈন্যৰ মাজত হোৱা সংঘৰ্ষৰ পিছৰে পৰা চীনৰ সামগ্ৰী বৰ্জনৰ ঢৌ উঠিছে ভাৰতত।

Vivoক আই পি এলৰ স্পনছ’ৰশ্বিপৰ পৰা আঁতৰাবলৈ সজোৰে দাবী উত্থাপন হোৱাৰ বাবে মোবাইল নিৰ্মানকাৰী প্ৰতিষ্ঠানটোৱে সোমবাৰে আই পি এলৰ স্পনছ’ৰশ্বিপৰ পৰা আঁতৰ হোৱাৰ কথা ঘোষণা কৰে।

ইয়াৰ পিছত এতিয়া আই পি এলৰ পৰৱৰ্তী স্পনছ’ৰশ্বিপ কোনে লাভ কৰিব এই লৈ ছ’চিয়েল মিডিয়াত সৰৱ চর্চা আৰম্ভ হৈছে। চৰ্চাত আহিছে দুটাকৈ নাম।

বহুতে কৈছে হয়তো পৰৱৰ্তী স্পনছ’ৰৰ ৰূপত দেখা পোৱা যাব জিঅ’ অথবা পতঞ্জলিক। মুকেশ আম্বানিৰ জিঅ’ই ভাৰতীয় বজাৰত প্ৰায় একক সাম্ৰাজ্যৰ প্ৰতিষ্ঠাৰ ফালে অগ্ৰসৰ হৈছে। সেইদৰে দেশত পতঞ্জলিয়ে ৰিটেইল বজাৰত নিজৰ দপদপনি অব্যাহত ৰাখিছে। সেয়ে টুইটাৰত এতিয়া বিভিন্ন মিম প্ৰস্তুত হৈছে এই দুই কোম্পানীক লৈ। তলত কেইটামান তেনে ৰসাল মিমৰ উল্লেখ কৰা হ’ল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments