Tuesday, October 4, 2022
HomeNewsজিএছএ ফুটবল লীগ: এএছইবিয়ে বিধ্বস্ত কৰিলে ৰেলৱেক, কামৰূপাই হৰুৱালে ডাইনামোক

জিএছএ ফুটবল লীগ: এএছইবিয়ে বিধ্বস্ত কৰিলে ৰেলৱেক, কামৰূপাই হৰুৱালে ডাইনামোক

জিএছএ ফুটবল লীগ: এএছইবিয়ে বিধ্বস্ত কৰিলে ৰেলৱেক, কামৰূপাই হৰুৱালে ডাইনামোক

অলিম্পিয়া প্ৰতিবেদন: এএছইবি এছচিয়ে দেওবাৰে গুৱাহাটী ক্ৰীড়া সন্থাৰ আৰ জি বৰুৱা ছুপাৰ ডিভিজন ফুটবল লীগ ২০২২-২৩ৰ মেচত মহাৰাণা এনএফ ৰেলৱে এছচিক ৫-১ গ’লত বিধ্বস্ত কৰে ৷ এএছইবিৰ ষ্ট্ৰাইকাৰ নিকোডিম নাৰ্জাৰীয়ে হেটট্ৰিক কৰি এই বিজয়ত নিৰ্ণায়ক ভূমিকা লয় ।

নিকোডিমে খেলৰ ১৮, ৪৫ আৰু ৫০ মিনিটত গ’ল কৰি দলৰ বিজয় নিশ্চিত কৰে ৷ এএছইবিৰ হৈ আন দুটা গ’ল কৰে অৰ্জুন মাৰ্ডী (৭’) আৰু জিজ্ঞাস ডেকাই (৩৭’) ৷ কে চি লালে ৪০ মিনিটত ৰেলৱেৰ হৈ এটা গ’ল পৰিশোধ কৰে ৷ আনহাতে, জীৱেশ্বৰ গোস্বামী (গোপাল) এ ডিভিজন ফুটবল লীগত আজি কামৰূপা এফচিয়ে ডাইনামো ক্লাবক ২-১ গ’লত পৰাস্ত কৰে ৷ কামৰূপাৰ হৈ অংগনদীপ ৰাভাই ৭৫ আৰু ৭৮ মিনিটত দুগ’ল কৰি দলক অগ্ৰগতি দিয়ে ৷

ডাইনামোৱে ৮৫ মিনিটত বিনোদ বড়োৰ গ’লেৰে খেলখন আকৰ্ষণীয় কৰে যদিও ড্ৰ কৰাৰ কেইবাটাও সুযোগ নষ্ট কৰে ৷ সোমবাৰে ছুপাৰ ডিভিজনত অসম পুলিচ ব্লুজে গুৱাহাটী টাউন ক্লাবৰ বিৰুদ্ধে আৰু এ ডিভিজনত নাৰেংগী এছচিয়ে ফ্ৰন্টিয়াৰ ক্লাবৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব ৷ উল্লেখ্য যে শনিবাৰে এ ডিভিজনৰ এখন মেচত ৰাজবাৰী এচিয়ে মেট্ৰ’ এছচিক ২-১ গ’লত পৰাস্ত কৰে ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments