Friday, September 30, 2022
HomeNewsজিএছএ ফুটবল লীগ: এএছইবি আৰু ডাইনামোৰ জয়

জিএছএ ফুটবল লীগ: এএছইবি আৰু ডাইনামোৰ জয়

অলিম্পিয়া প্ৰতিবেদন

গুৱাহাটী ক্ৰীড়া সন্থাৰ আৰ জি বৰুৱা ছুপাৰ ডিভিজন ফুটবল লীগ ২০২২-২৩ৰ বুধবাৰে অনুষ্ঠিত খেলত এএছইবি এছচিয়ে মহাৰাণা এথলেটিক ক্লাবক ৩-২ গ’লত পৰাস্ত কৰে ৷ মহাৰাণাৰ সন্দীপ থাপাই ৫ মিনিটতে গ’ল দি দলক অগ্ৰগতি দিয়ে যদিও দ্বিজৰাজ বড়োৱে ৯ মিনিটত গ’ল দি এএছইবিৰ হৈ সমতা স্থাপন কৰে ৷ ২৩ মিনিটত উদিত বৰাই গ’ল দি পুনৰ মহাৰাণাক অগ্ৰগতি দিয়ে ৷ কিন্তু ফৰ্মত থকা ষ্ট্ৰাইকাৰ নিকোডিম নাৰ্জাৰীয়ে ৪৮ আৰু ৫৭ মিনিটত দুটাকৈ গ’ল দি এএছইবিৰ জয় নিশ্চিত কৰে ৷ আনহাতে, জীৱেশ্বৰ গোস্বামী (গোপাল) এ ডিভিজন ফুটবল লীগত আজি ডাইনামো ক্লাবে মেট্ৰ’ এছচিক ৫-০ গ’লত বিধ্বস্ত কৰে ৷ ডাইনামোৰ হৈ দীপক সিং (১২ আৰু ৬০ মিনিট), বিগ্ৰাই বড়ো (৪৬ আৰু ৭২ মিনিট) আৰু লুইছ শইকীয়া (৬৮ মিনিট)ই গ’লকেইটা স্ক’ৰ কৰে ৷
বৃহস্পতিবাৰে ছুপাৰ ডিভিজনত ছানৰাইজ এচিয়ে গুৱাহাটী টাউন ক্লাবৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments