Tuesday, October 4, 2022
HomeNewsজিএছএ ফুটবল লীগ: জয়ৰ ধাৰা অব্যাহত ছানৰাইজৰ

জিএছএ ফুটবল লীগ: জয়ৰ ধাৰা অব্যাহত ছানৰাইজৰ

অলিম্পিয়া প্ৰতিবেদন

গুৱাহাটী ক্ৰীড়া সন্থাৰ আৰ জি বৰুৱা ছুপাৰ ডিভিজন ফুটবল লীগ ২০২২-২৩ত বিজয়ৰ ধাৰা অব্যাহত ৰাখি ছানৰাইজ এচিয়ে বৃহস্পতিবাৰে গুৱাহাটী টাউন ক্লাবক ৩-১ গ’লত পৰাস্ত কৰে ৷ ছানৰাইজৰ মহম্মদ শ্বাহজাহনে ১৫ মিনিট গ’ল দি দলক অগ্ৰগতি দিয়ে ৷ জাম্বলা ব্ৰহ্মই ৪৮ মিনিটত আন এটা গ’ল দি ব্যৱধান বৃদ্ধি কৰে ৷ ৭৫ মিনিটত ৰিপুঞ্জয় দেউৰীয়ে টাউন ক্লাবৰ হৈ গ’ল দি ব্যৱমান হ্ৰাস কৰে যদিও ৭৭ মিনিটত ছাবষ্টিটিউট ষ্ট্ৰাইকাৰ মনজিত ৰাভাই গ’ল দি ছানৰাইজৰ বিজয় নিশ্চিত কৰে ৷ আনহাতে, জীৱেশ্বৰ গোস্বামী (গোপাল) এ ডিভিজন ফুটবল লীগত আজি কামৰূপা এফচিয়ে ছাই এছচিৰ বিৰুদ্ধে ৱাকঅ’ভাৰ লাভ কৰে ৷ শুক্ৰবাৰে ছুপাৰ ডিভিজনত এনএফ ৰেলৱে এছচিয়ে নৱজ্যোতি ক্লাবৰ বিৰুদ্ধে আৰু এ ডিভিজনত নাৰেংগী এছচিয়ে ৰাজবাৰী ক্লাবৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

13 − 13 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments