Tuesday, October 4, 2022
HomeNewsজিএছএ ফুটবল লীগ: পুলিচ-জিটিচিৰ ড্ৰ, ফ্ৰন্টিয়াৰৰ ৰোমাঞ্চকৰ জয়

জিএছএ ফুটবল লীগ: পুলিচ-জিটিচিৰ ড্ৰ, ফ্ৰন্টিয়াৰৰ ৰোমাঞ্চকৰ জয়

অলিম্পিয়া প্ৰতিবেদন

গুৱাহাটী ক্ৰীড়া সন্থাৰ আৰ জি বৰুৱা ছুপাৰ ডিভিজন ফুটবল লীগ ২০২২-২৩ ৰ সোমবাৰে অসম পুলিচ ব্লুজ আৰু গুৱাহাটী টাউন ক্লাবৰ মাজৰ খেলখন ১-১ গ’লত ড্ৰ হয় ৷ পুলিচৰ ৰাকেশ দাসে ১৬ মিনিটত গ’ল কৰি অগ্ৰগতি দিয়ে যদিও জিটিচিৰ ৰিপুঞ্জয় দেউৰীয়ে ৫৭ মিনিটত গ’ল কৰাত খেলখন ড্ৰ হয় । আনহাতে, জীৱেশ্বৰ গোস্বামী (গোপাল) এ ডিভিজন ফুটবল লীগত আজি ফ্ৰন্টিয়াৰ ক্লাবে ৰোমাঞ্চকৰ মেচত নাৰেংগী এছচিক ৪-৩ গ’লত পৰাস্ত কৰে ৷ ৰূপজ্যোতি ৰাভা আৰু অজয় ৰাভাই ক্ৰমে ১০ আৰু ২১ মিনিটত গ’ল দি ফ্ৰন্টিয়াৰক অগ্ৰগতি দিয়ে যদিও নাৰেংগীয়ে চন্দন বৰ্মন (২৪’) আৰু অভিজিত ৰয় (৩৪’)ৰ গ’লৰ সহায়ত সমতা স্থাপন কৰে ৷ ইয়াৰ পাছত ৪১ মিনিটত চন্দনে পুনৰ গ’ল দি নাৰেংগীক অগ্ৰগতি দিয়ে ৷ কিন্তু ফ্ৰন্টিয়াৰে থমকি নৰৈ আক্ৰমণ অব্যাহত ৰাখে আৰু অজয় কছাৰীয়ে ৫৮ আৰু ৬৯ মিনিটত দুগ’ল দি বিজয় নিশ্চিত কৰে ৷ মঙ্গলবাৰে ছুপাৰ ডিভিজনত এফচি গ্ৰীণভেলীয়ে নৱজ্যোতি ক্লাবৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

16 − 13 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments