Tuesday, October 4, 2022
HomeNewsজিএছএ ফুটবল লীগ: ৰেলৱে-নাৰেংগীৰ জয়

জিএছএ ফুটবল লীগ: ৰেলৱে-নাৰেংগীৰ জয়

অলিম্পিয়া প্ৰতিবেদন

গুৱাহাটী ক্ৰীড়া সন্থাৰ আৰ জি বৰুৱা ছুপাৰ ডিভিজন ফুটবল লীগ ২০২২-২৩ত এনএফ ৰেলৱে এছচিয়ে শুক্ৰবাৰে অনুষ্ঠিত খেলত নৱজ্যোতি ক্লাবক ১-০ গ’লত পৰাস্ত কৰে ৷ জিতু আহমেদে ১৯ মিনিটত দিয়া গ’লেৰে ৰেলৱে দলে লীগত প্ৰথম বিজয় সাব্যস্ত কৰে ৷ আনহাতে, জীৱেশ্বৰ গোস্বামী (গোপাল) এ ডিভিজন ফুটবল লীগত আজি ১০গৰাকী খেলুৱৈৰে খেলিও নাৰেংগী এছচিয়ে ৰাজবাৰী ক্লাবক ১-০ গ’লত পৰাস্ত কৰে ৷ দ্বিতীয়াৰ্ধত নাৰেংগীৰ ৰাহুল দাসে দুখন হালধীয়া কাৰ্ড লাভ কৰাৰ পাছত দলটোৱে ১০গৰাকী খেলুৱৈৰে খেলিব লগা হয় ৷ ইয়াৰ সুযোগ লৈ ৰাজবাৰীয়ে আক্ৰমণ বৃদ্ধি কৰে যদিও ৰক্ষণৰ সুৰুঙা লৈ নাৰেংগীৰ ষ্ট্ৰাইকাৰ চন্দন বৰ্মনে ৮২ মিনিটত বিজয়সূচক গ’লটো দিয়ে ৷ শনিবাৰে ছুপাৰ ডিভিজনত এফচি গ্ৰীণভেলীয়ে অসম পুলিচৰ বিৰুদ্ধে আৰু এ ডিভিজনত ফ্ৰন্টিয়াৰ ক্লাবে মেট্ৰ’ এছচিৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

19 + seventeen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments