Monday, July 4, 2022
HomeNewsজি টি চিত বক্সিং, ছোৱালী ফুটবলাৰৰ বাচনি, ক্ৰীড়া কুইজ

জি টি চিত বক্সিং, ছোৱালী ফুটবলাৰৰ বাচনি, ক্ৰীড়া কুইজ

জি টি চিত বক্সিং, ছোৱালী ফুটবলাৰৰ বাচনি, ক্ৰীড়া কুইজ

৫ জুনৰ পৰাগুৱাহাটী টাউন ক্লাবত বক্সিঙৰ প্ৰশিক্ষণ

অলিম্পিয়া প্ৰতিবেদন: শতবৰ্ষ পুৰণি গুৱাহাটী টাউন ক্লাবে নতুনকৈ বক্সিং প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰিছে ৷ ফুটবল, ক্ৰিকেট, সাঁতোৰ, দবা আদিৰ লগতে শেহতীয়াকৈ সংযোজন ঘটিল বক্সিং প্ৰশিক্ষণৰ ৷ উদীয়মান আৰু আগ্ৰহী খেলুৱৈয়ে জি টি চি বক্সিং কেন্দ্ৰত প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰিব ৷ জজ ফিল্ডৰ কাষৰ জি টি চি ক্লাব হাউচৰ ইনড’ৰ হলত অহা ৫ জুনৰ পৰা নিয়মীয়াকৈ বক্সিঙৰ প্ৰশিক্ষণ দিয়া হ’ব ৷

আধুনিক সুবিধাৰে ইয়াত এটা বক্সিং ৰিং স্থাপন কৰা হৈছে ৷ এই প্ৰশিক্ষণ কেন্দ্ৰটো তদাৰক কৰিব এন আই এছ প্ৰশিক্ষক ৰাজু মনি পাটৰ আৰু আন কেইবাগৰাকীও লোকে ৷ ১২ বছৰ উৰ্দ্ধৰ ইচ্ছুক ল’ৰা-ছোৱালীয়ে ইয়াত ভৰ্তি হ’ব বিচাৰিলে গুৱাহাটী টাউন ক্লাব কাৰ্যালয়ত যোগাযোগ কৰিব পাৰিব ৷ এই বাতৰি প্ৰেৰণ কৰিছে গুৱাহাটী টাউন ক্লাবৰ সম্পাদক দেৱজিৎ শইকীয়াই ৷

১৭ বছৰ অনূৰ্ধ্ব ছোৱালী ৰাষ্ট্ৰীয় জুনিয়ৰ ফুটবল

অসম দলৰ বাছনি শিৱিৰ আৰম্ভ

১৭ বছৰ অনূৰ্ধ্ব ছোৱালী ৰাষ্ট্ৰীয় জুনিয়ৰ ফুটবল প্ৰতিযোগিতা ২০২২ বাবে অসম ৰাজ্যিক দলটোৰ বাছনি শিৱিৰ বৃহস্পতিবাৰৰ পৰা অসম ফুটবল সন্থাৰ উদ্যোগত আৰু ভেৰগাওঁ জিলা ক্ৰীড়া সন্থাৰ সহযোগত ডিমাকুছিত আৰম্ভ হৈছে । অসম ফুটবল সন্থাৰ স্বীকৃতিপ্ৰাপ্ত প্ৰায় সংখ্যক জিলা ক্ৰীড়া সন্থাৰ পৰা ৮০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰা শিৱিৰটোত মুখ্য প্ৰশিক্ষকৰ দায়িত্বত আছে প্ৰাক্তন ৰাষ্ট্ৰীয় খেলুৱৈ তথা এ এফ চি ‘চি’ লাইচেন্সপ্ৰাপ্ত প্ৰশিক্ষক লোচন শইকীয়া আৰু সহকাৰী প্ৰশিক্ষক ৰয়েল বসুমতাৰী ।

আৰু অধিক পঢ়ক

শিৱিৰটোৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে অসম ফুটবল সন্থাৰ উপ সভাপতি শান্তনু পূজাৰী, কোষাধ্যক্ষ হীৰেন গগৈ, বি টি আৰৰ মুখ্য ক্ৰীড়া বিষয়া যজ্ঞাৱতী মহিলাৰী, অসম ফুটবল সন্থাৰ উপ সভাপতি তথা ভেৰগাওঁ জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক লক্ষীৰাম বড়োৰ লগতে বিশিষ্ট ব্যক্তিসকল ।

অসম অলিম্পিক সন্থাৰ উদ্যোগত তৰ্ক প্ৰতিযোগিতা আৰু ক্ৰীড়া কুইজ প্ৰতিযোগিতা

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস উপলক্ষে ২৩ জুনত অসম অলিম্পিক সন্থাৰ উদ্যোগত গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত আন্তঃবিশ্ববিদ্যালয় তৰ্ক প্ৰতিযোগিতা আৰু আন্তঃমহাবিদ্যালয় ক্ৰীড়া কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব । তৰ্ক প্ৰতিযোগিতাত প্ৰতিখন বিশ্ববিদ্যালয়ৰ দুজন প্ৰতিযোগী আৰু কুইজ প্ৰতিযোগিতাত প্ৰতিখন মহাবিদ্যালয়ৰ দুজনকৈ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব পাৰিব ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে জনোৱা অনুসৰি উক্তদিনা পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’বলগীয়া তৰ্ক প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা দলকেইটাই ক্ৰমে ৫০,০০০, ৩০,০০০ আৰু ২০,০০০ টকাৰ প্ৰাইজমানি লাভ কৰিব । তদুপৰি শ্ৰেষ্ঠ তাৰ্কিকজনে ২৫,০০০ টকাৰ প্ৰাইজমানী লাভ কৰিব । আনহাতে, ক্ৰীড়া কুইজ প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা দলকেইটাই ক্ৰমে ৫০,০০০, ৩০,০০০ আৰু ২০,০০০ টকাৰ প্ৰাইজমানি লাভ কৰিব

ইফালে, কুইজ মাষ্টাৰ নিৰ্বাচন কৰাৰ বাবে অসম অলিম্পিক সন্থাই কুইজ মাষ্টাৰসকলৰ সাক্ষাৎকাৰ অনুষ্ঠিত কৰিব । কুইজ মাষ্টাৰসকলে ক্ৰীড়া কুইজ প্ৰতিযোগিতাখন পৰিচালনা কৰাৰ সন্দৰ্ভত সবিশেষ অৱগত কৰিব লাগিব । দুয়োখন প্ৰতিযোগিতা সুচাৰূৰূপে আয়োজন কৰাৰ বাবে অসম অলিম্পিক সন্থাই ৰাজীৱ প্ৰকাশ বৰুৱাক অধ্যক্ষ, সুবোধমল্ল বৰুৱা আৰু প্ৰণয় বৰদলৈক উপাধ্যক্ষ, ধ্ৰুৱজ্যোতি কলিতাক আহ্বায়ক তথা বিষ্ণুৰাম নুনিছা, দাদোমণি বৰা, প্ৰাৰ্থনা হাজৰিকা আৰু দৰ্শনা বাৰ্মাক সদস্য হিচাপে লৈ এখন সমন্নয় কমিটি গঠন কৰি দিছে । তৰ্ক আৰু কুইজ প্ৰতিযোগিতাত যোগদান কৰিবৰ বাবে দৰ্শনা বাৰ্মাৰ সৈতে ৯৯৫৭০৮৩০৩৫ আৰু সুমন দত্তৰ সৈতে ৯৮৫৪৬৩১৪৬৫ ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fifteen − ten =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments