অলিম্পিয়া প্ৰতিবেদন
কিৰ্গিস্তানত শনিবাৰে অনুষ্ঠিত বিশ্ব পাৱাৰলিফটিং চেম্পিয়নশ্বিপৰ অধীনত জুনিয়ৰ এছিয়ান পাৱাৰলিফটিং চেম্পিয়নশ্বিপত অসমৰ নিৰজ বৰাই সোণৰ পদক লাভ কৰে । নিৰজে সামগ্ৰিক আৰু বেঞ্চ-প্ৰেছ শাখাতো সোণৰ পদক দখল কৰিছে ।
নিৰজৰ প্ৰদৰ্শন আছিল এনেধৰণৰ – স্কুৱেট-২২০ কেজি (open knee), বেঞ্চপ্ৰেছ-১৫২.৫ আৰু ডেডলিফ্ট-২৪৫ । মুঠতে তেওঁ মুঠ ৬১৮ কেজি উত্তোলন কৰে ।
এই চেম্পিয়নশ্বিপত এছিয়াৰ ২৫ খন দেশৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল । নিৰজকে ধৰি ভাৰতৰ পৰা মুঠ ৭ গৰাকী শক্তি উত্তোলকে অংশগ্ৰহণ কৰিছিল ।
২২ বছৰীয়া নিৰজৰ ঘৰ গুৱাহাটীৰ ৰুক্মিণীগাঁৱত । তেওঁৰ মাতৃ পূৰ্ণিমা বৰা আৰু পিতৃ শোণিত কুমাৰ বৰা । নিৰজৰ প্ৰশিক্ষক হৈছে বাংগালুৰুৰ পৰা অহা এৰেন ফাৰ্নাণ্ডেজ ।
সাংবাদিকৰ আগত নিৰজে কয় – “মই মোৰ সপোনক বাস্তৱত পৰিণত কৰিছো । এই যাত্ৰাৰ বাবে মই অতিশয় আশাবাদী আছিলো । সমান্তৰালভাৱে ভাৰতৰ লগতে অসমৰ হৈ স্বৰ্ণ জয় কৰিবলৈ পাই মই খুবেই আনন্দিত হৈছো ।”
বৰ্তমান নিৰজ কটন বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতাৰ স্নাতকোত্তৰৰ ছাত্ৰ ।
ইয়াৰ পূৰ্বে ২০২২ চনৰ মাৰ্চত বাংগালুৰুত অনুষ্ঠিত নেশ্যনেল পাৱাৰলিফটিং চেম্পিয়নশ্বিপত তেওঁ সোণৰ পদক লাভ কৰিছিল ।