Tuesday, October 4, 2022
HomeNewsজুনিয়ৰ নেচনেলৰ প্ৰাকক্ষণক সদৌ অসম বেছবল চেম্পিয়নশ্বিপ

জুনিয়ৰ নেচনেলৰ প্ৰাকক্ষণক সদৌ অসম বেছবল চেম্পিয়নশ্বিপ

জুনিয়ৰ নেচনেলৰ প্ৰাকক্ষণক সদৌ অসম বেছবল চেম্পিয়নশ্বিপ

অলিম্পিয়া প্ৰতিবেদন: বেছবল খেলাত ব্যস্ত এজাক জুনিয়ৰ খেলুৱৈ । লক্ষ্য জুনিয়ৰ নেচনেল । সমাপ্ত হ’ল সদৌ অসম বেছবল চেম্পিয়নশ্বিপ । কামৰূপ মেট্ৰৱে পিন্ধিলে চেম্পিয়নৰ মুকুট । খেলুৱৈৰ আনন্দ উল্লাসত মুখৰিত হ’ল ভেটাপাৰাৰ হকী ষ্টেডিয়াম ।

অহা ২১ ৰ পৰা ২৫ ছেপ্টেম্বৰলৈ মধ্যপ্ৰদেশৰ ভূপালত অনুষ্ঠিত হ’ব জুনিয়ৰ নেচনেল বেছবল চেম্পিয়নশ্বিপ । তাৰ প্ৰাকক্ষণত অসম দলটো গঠন কৰিবৰ বাবে বেছবল – ছফ্টবল এছ’চিয়েচন অৱ আছামে আয়োজন কৰিলে সদৌ অসম বেছবল চেম্পিয়নশ্বিপ । এই প্ৰতিযোগিতাৰ পৰাই ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ অসম দলটো বাছনি কৰিব সন্থাই ।

মংগলবাৰে ভেটাপাৰাৰ হকী ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে ডিব্ৰুগড়, বিশ্বনাথ চাৰিআলি, নগাঁও, কামৰূপ মহানগৰ, কামৰূপ গ্ৰাম্যৰ বেছবল খেলুৱৈয়ে । সকলো জিলাৰ খেলুৱৈয়ে উজাৰি দিলে নিজৰ শ্ৰেষ্ঠত্ব । ৰোমাঞ্চকৰ ফাইনেলত অৱতীৰ্ণ হ’ল কামৰূপ মেট্ৰ আৰু নগাঁও জিলা । প্ৰতিযোগিতা সন্দৰ্ভত মন্তব্য কৰিছে বেছবল – ছফ্টবল এছচিয়েচন অৱ আছামৰ সাধাৰণ সম্পাদক কিষাণ চৌধুৰীয়ে—

এই ৰাজ্যিক প্ৰতিযোগিতাৰ ফাইনেলত নগাঁও আৰু কামৰূপ মেট্ৰৱে খেলিলে ড্ৰ । ফলত ৫ টাকৈ অতিৰিক্ত ষ্ট্ৰাইক দিয়া হয় । ষ্ট্ৰাইকত জয়ী হ’ল টীম কামৰূপ মেট্ৰ । অৱশেষত
চেম্পিয়ন হ’ল কামৰূপ মেট্ৰ । এই সন্দৰ্ভত জনালে বেছবল – ছফ্টবল এছ’চিয়েচন অৱ আছামৰ সহকাৰী সম্পাদক তথা প্ৰশিক্ষক জোন দত্তই—-

ফাইনেলৰ মেচ উপভোগ কৰিলে বেছবল ছফ্টবল এছ’চিয়েচন অৱ আছামৰ মুখ্য পৃষ্ঠপোষক তথা অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে । খেলুৱৈৰ উৎসাহ দেখি অভিভূত অসম বিধানসভাৰ উপাধ্যক্ষ গৰাকী । ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসম দলটোৱে ভাল ফলাফল দেখুৱাব বুলি আশাবাদী ডাঃ নোমল মমিন —

ইফালে এই ৰাজ্যিক টুৰ্ণামেন্টত বেষ্ট পিটছাৰ অনিল ভগৎ, বেষ্ট কেটচাৰ উইলচন ইংতি, বেষ্ট বেটছমেন ভৱেশ সিং আৰু বেষ্ট ফ্লিল্ডাৰৰ সন্মান অৰ্জন কৰিলে নকুল হোজাইয়ে । সামৰণি অনুষ্ঠানত বঁটাসমূহ প্ৰদান কৰিলে অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ মমিনৰ লগতে বেছবল -ছফ্টবল এছ’চিয়েচন অৱ আছামৰ বিষয়ববীয়াই । পদক হাতত তুলি খেলুৱৈৰ মুখত বিৰিঙিল আনন্দৰ হাঁহি ।

ক্ৰীড়া অনুৰাগীৰ আশা — ভূপালত অসমৰ বেছবল দলটোয়ে দাঙি ধৰক উন্নত প্ৰদৰ্শন । অসমত বেছবলে জনপ্ৰিয়তাৰ শিখৰ আৰোহণ কৰক ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

16 − fourteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments