অলিম্পিয়া প্ৰতিবেদন
ঘৰুৱা দল অসমে লীগৰ প্ৰথম মেচত পুডুচেৰীৰ বিৰুদ্ধে প্ৰত্যয়জনক বিজয় অৰ্জন কৰাৰ পাছত দ্বিতীয় মেচত মুখথেকেচা খালে গুজৰাটৰ বিৰুদ্ধে ৷ হিৰো ১৭ বছৰ অনূৰ্দ্ধ জুনিয়ৰ ৰাষ্ট্ৰীয় মহিলা ফুটবল টুৰ্ণমেণ্টত বৃহস্পতিবাৰে গুজৰাটে অসমৰ বিৰুদ্ধে ২-১ গ’লত জয়লাভ কৰি সম্পূৰ্ণ পইণ্ট অৰ্জন কৰে ৷ ওদালগুৰি জিলাৰ ডিমাকুচিত চলি আছে গ্ৰুপ ‘জি’ৰ লীগ মেচসমূহ ৷ বৃহস্পতিবাৰে পুৱা ডিমাকুচি খেলপথাৰত গুজৰাটৰ হৈ মায়া ৰাবাৰীয়ে ৩ মিনিটতে গ’ল দি দলক ১-০ ৰ অগ্ৰগতি প্ৰদান কৰে ৷ মেচৰ ১৩ মিনিটত অসমৰ হৈ অঞ্জুলি ব্ৰহ্মই উক্ত গ’ল পৰিশোধ কৰে ৷ বিৰতিলৈকে মেচখন ১-১ গ’লত অমীমাংসিত হৈ ৰয় ৷ বিৰতিৰ পাছত গ’লৰ সংখ্যা বৃদ্ধি কৰিবলৈ দুয়ো দলে আপ্ৰাণ চেষ্টা চলায় ৷ মেচখনত অসম দলৰ ষ্ট্ৰাইকাৰসকলে গ’ল দিবলৈ চলোৱা প্ৰতিটো প্ৰচেষ্টা গুজৰাট দলৰ ৰক্ষণ বিভাগৰ খেলুৱৈসকলে ব্যৰ্থ কৰে ৷ আক্ৰমণ-প্ৰত্যাক্ৰমণেৰে ভৰা মেচখনৰ দ্বিতীয়াৰ্দ্ধ অধিক উপভোগ্য হৈ উঠে ৷ তেনে এক উত্তেজনাপূৰ্ণ মুহুৰ্ততে ৬৩ মিনিটত খুছবু সৰোজে দিয়া গ’লৰ সহায়ত গুজৰাটৰ জয় নিশ্চিত হয় ৷ উক্ত গ’ল পৰিশোধ কৰিবলৈ অশেষ চেষ্টা কৰিও অসমৰ খেলুৱৈসকল সক্ষম নহ’ল ৷ কিছুদিন ধৰি নেৰানেপেৰা বৰষুণ দি থকাৰ অন্তত বৃহস্পতিবাৰে তীব্ৰ ৰ’দৰ বাবে অসমৰ খেলুৱৈসকল লেবেজান হৈ পৰে । অসম দলৰ এই পৰজয়ত সাক্ষী হৈ থাকি দুখ মনেৰে ঘৰমুখী হয় তিনি সহস্ৰাধিক দৰ্শক । এই জয়ৰ ফলত গুজৰাট আৰু অসমে একোখনকৈ মেচ বাকী থকা অৱস্থাত ৩ পইণ্টকৈ অৰ্জন কৰি আছে ৷ ইয়াৰ পূৰ্বে অসমে পুডুচেৰীৰ বিৰুদ্ধে ৬-১ গ’লত জয়লাভ কৰাৰ বিপৰীতে হাৰিয়ানাই গুজৰাটৰ বিৰুদ্ধে ৫-১ গ’লত জয়লাভ কৰিছে ৷ এনে এক অৱস্থাত নকআউট পৰ্যায়ত উপনীত হোৱাৰ বাবে অহা ২৫ জুন শনিবাৰে বিয়লি ৩ বজাৰ পৰা অসম আৰু হাৰিয়ানাৰ মাজত হ’ব লগা মেচখন গুৰুত্বপূৰ্ণ ৰূপে বিবেচিত হৈছে ৷ এইখন মেচৰ ফলাফলৰ ভিত্তিতে গ্ৰুপ ‘জি’ৰ পৰা অসম নে হাৰিয়ানাই পৰৱৰ্তী ৰাউণ্ডলৈ উন্নীত হ’ব সেয়া নিৰ্ণয় হ’ব ৷