জয়েৰে প্লে অফৰ সম্ভাৱনা বৰ্তাই ৰাখিলে ৰাজস্থান ৰয়েলছে
অলিম্পিয়া প্ৰতিবেদন: আই পি এলত প্লে অফৰ বাবে যুঁজত ক্ৰিকেট দল । ৰাজস্থান ৰয়েলছৰ হাতত বিধ্বস্ত লক্ষ্ণৌ ছুপাৰ জায়েন্টছ । গুজৰাট টাইটানছৰ হাতত পৰাভূত চেন্নাই চুপাৰ কিংছ। দেওবাৰে আই পি এলৰ মৈদানত অনুষ্ঠিত হয় দুখনকৈ মেচ। প্ৰথমখনত অৱৰ্তীণ হয় ধোনী বাহিনী বনাম পাণ্ডিয়া বাহিনী । দ্বিতীয়খনত যুঁজত নামে সঞ্জু চেমচন বাহিনী বনাম কে এল ৰাহুল বাহিনী ।
প্ৰথমখন মেচত প্লে অফৰ যোগ্যতা অৰ্জন কৰা দল গুজৰাটে ধোনী বাহিনীক পৰাস্ত কৰি ৭ উইকেটত জয়ৰ মালা পিন্ধিলে । প্ৰথমে বেটিং কৰি চি এছ কেই ৫ টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে ১৩৩ ৰাণ । চি এছ কেৰ হৈ ৰিতুৰাজ গাইকোৱাড়ে ৫৩, মঈন আলীয়ে ২১ আৰু অধিনায়ক এম এছ ধোনীয়ে ৭ ৰাণৰ বৰঙণি আগবঢ়ায়।
জয়ৰ বাবে ১৩৪ ৰাণৰ সহজ লক্ষ্য লৈ ক্ৰীজত নামিল গুজৰাট । পাণ্ডিয়া বাহিনীৰ হৈ ঋদ্ধিমান সাহাই ৬৭, শুভমন গীলে ১৮ , হাৰ্ডিক পাণ্ডিয়াই ৭ ৰাণৰ এক ইনিংছ খেলে । গুজৰাট টাইটানছে ৩ উইকেট হেৰুৱাই ১৩৭ ৰাণ সংগ্ৰহেৰে বিজয়ী হয় । ফলত চলিত ছিজনত দশমবাৰৰ বাৰে জয়ী হ’ল গুজৰাট টাইটানছ ।
অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক
দ্বিতীয়খন ৰোমাঞ্চকৰ মেচ আই পি এলৰ অনুৰাগীসকলে উপভোগ কৰিলে ৰাজস্থান ৰয়েলছ আৰু লক্ষ্ণৌ চুপাৰ জায়েন্টছৰ মাজত । প্ৰথমে বেটিং কৰি ৰাজস্থানে ৬ টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে ১৭৭ ৰাণ । ৰাজস্থান ৰয়েলছৰ হৈ যশশ্ৰী জয়ছোৱালৰ ৪১ , দেৱদত্ত পাডিকালৰ ৩৯ , সঞ্জু চেমচনৰ ৩২ আৰু ৰিয়ান পৰাগৰ ৰাণৰ অৱদান আছিল ১৯ । এইবাৰ ১৭৯ ৰাণৰ লক্ষ্য লৈ ক্ৰীজত নামিল কে এল ৰাহুল বাহিনী ।
লক্ষ্ণৌৰ হৈ দীপক হুদাই ৫৯ , ক্ৰুণাল পাণ্ডিয়াই ২৫, কে এল ৰাহুলে ১০ ৰাণৰ বৰঙণি আগবঢ়ায় । লক্ষ্ণৌয়ে ৮ টা উইকেটৰ বিনিময়ত ১৫৪ ৰাণ কৰিবলৈ সক্ষম হল । অৱশেষত ২৪ ৰাণত জয়ী হল টীম ৰাজস্থান ৰয়েলছ ।
এই জয়ৰ পাছতেই ১৬ পইন্টৰে তালিকাৰ দ্বিতীয় স্থানত অৱস্থান কৰিলে সঞ্জু চেমচন বাহিনীয়ে । পৰাজয় বৰণ কৰিলেও ১৬ পইন্টেৰে তালিকাৰ তৃতীয় স্থানত আছে লক্ষ্ণৌ ছুপাৰ জায়েন্টছ । সেইদৰে ইতিমধ্য প্লে অফত প্ৰবেশ কৰা দল গুজৰাটে ত্রয়োদশ খন মেচতো জয়ী হৈ ২০ পইন্টৰে তালিকাৰ শীৰ্ষত আছে ।
সোমবাৰে নিজা ত্রয়োদশ খন মেচত অৱৰ্তীণ হ’ব পঞ্জাৱ কিংছ বনাম দিল্লী কেপিটেলছ। গুজৰাট টাইটানছৰ পাছত প্লে অফৰ আশা থকা দলকেইটা হ’ল– ৰাজস্থান ৰয়েলছ, লক্ষ্ণৌ ছুপাৰ জায়েন্টছ, আৰ চি বি আদি দল । প্লে অফৰ ভাগ্য নিৰ্ণয় কৰিব লীগ মেচৰ অন্তিম মেচ পৰ্যন্ত । লীগ মেচৰ চতুৰ্দশ খন মেচ অনুষ্ঠিত হোৱাৰ পাছতেই জলজল পটপট হব প্লে অফ দলৰ তালিকা ।