Thursday, July 7, 2022
HomeNewsজয়ৰে পইন্ট তালিকাৰ চতুৰ্থ স্থানত দিল্লী কেপিটেলছ

জয়ৰে পইন্ট তালিকাৰ চতুৰ্থ স্থানত দিল্লী কেপিটেলছ

অলিম্পিয়া প্ৰতিবেদন

এখন গুৰুত্বপূৰ্ণ খেলত জয়ৰ মালা পিন্ধি পইন্ট তালিকাৰ চতুৰ্থ স্থানত দিল্লী কেপিটেলছ । শ্বাৰ্দুল ঠাকুৰ, অক্ষৰ পেটেল, কুলদীপৰ বলিং ত্রাসত কম্পমান পঞ্জাৱ কিংছ ।

সোমবাৰে প্লে অফৰ বাবে যুঁজত নামিল আই পি এলৰ দুই শক্তিশালী দল দিল্লী কেপিটেলছ বনাম পঞ্জাৱ কিংছ । সকলোৰে লক্ষ্য — জয় সাব্যস্ত কৰি পইন্ট সংগ্ৰহেৰে তালিকাৰ শীৰ্ষলৈ যোৱা । তাৰেই মৰণপণ যুঁজ চলিল মৈদানত । প্ৰথমে বেটিং কৰি ঋষভ পন্টৰ নেতৃত্বৰ দিল্লী কেপিটেলছে ৭ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে ১৫৯ ৰাণ । দিল্লীৰ হৈ মিছেইল মাৰ্শ্বে ৪৮ টা বলত ৬৩ ৰাণৰ এক সুন্দৰ ইনিংছ খেলে । মাৰ্শ্বৰ ইনিংছত আছিল ৪ টা বাউণ্ডেৰী, ৩ টা অভাৰ বাউণ্ডেৰী । ইফালে, চাৰফাৰজ খানে ৩২, ললিত যাদৱে ২৪, অক্ষৰ পেটেলে ১৭ ৰাণৰ বৰঙণি আগবঢ়ায় । অধিনায়ক হিচাপে বেটিঙত পুনৰ বিফল হল ঋষভ পন্ট । মাত্ৰ ২টা বলত ২ ৰাণ কৰিয়েই পেভেলিয়নলৈ উভতিল অধিনায়ক জন ।
এইবাৰ ১৬০ ৰাণৰ লক্ষ্য লৈ ক্ৰীজত নামিল মায়ংক আগৰৱালৰ নেতৃত্বৰ পঞ্জাৱ কিংছ । পঞ্জাৱৰ হৈ জিতেশ শৰ্মাই ৩৪ টা বলত ৪৪ ৰাণ দললৈ অৱদান আগবঢ়ালে । সেইদৰে জনী বেয়াৰষ্ট্ৰৱে ২৮, ৰাহুল চহৰে ২৫ ৰাণতেই ক্ষান্ত থাকিল । অধিনায়ক হিচাপে মায়ংক আগৰৱালৰ বেটিং প্ৰদৰ্শন আছিল নিৰাশাজনক । মাত্ৰ ২ টা বলৰ সন্মুখীন হৈ ৰাণ শূণ্যতেই বেটিং সামৰিলে মায়ংকে । দিল্লী কেপিটেলছৰ দুৰ্ধৰ্ষ বলাৰৰ সমুখত যেন থৰকাচুতি হেৰুৱালে মায়ংক বাহিনীয়ে । খহিল এটাৰ পাছত আনটো উইকেট । ৯ টা উইকেট হেৰুৱাই ১৪২ ৰাণ কৰিবলৈহে সক্ষম হ’ল পঞ্জাৱ কিংছে। ফলত ১৭ ৰাণত জয়ী হল ঋষভ পন্ট নেতৃত্বৰ দিল্লী কেপিটেলছ ।

এই জয়ৰ পাছতে তালিকাত ১৪ পইন্টেৰে চতুৰ্থ স্থানলৈ উন্নীত হ’ল টীম দিল্লী কেপিটেলছ । এতিয়ালৈ খেলা ১৩ খন মেচৰ ভিতৰত দিল্লীৰ এয়া আছিল সপ্তমটো জয় । ইয়াৰ অৰ্থ এইটোৱে যে পৰৱৰ্তী তথা অন্তিম মেচত জয়ৰ মুখ দেখিলে টীম দিল্লী কেপিটেলছে সংগ্ৰহ কৰিব সৰ্বমুঠ ১৬ পইন্ট । সেইদৰে ১৩ নম্বৰ খন মেচত পৰাজয় বৰণ কৰি ১২ পইন্টেৰে তালিকাৰ সপ্তম স্থানত অৱস্থান কৰিছে পঞ্জাৱ কিংছে । অন্তিমখন মেচত জিকিলে ১৪ পইন্ট সংগ্ৰহ কৰিব পাৰিব দলটোৱে ।
ইয়াৰ বিপৰীতে ১৮ পইন্টেৰে ইতিমধ্যে প্লে অফত প্ৰবেশ কৰিছে গুজৰাট টাইটানছে । ১৬ পইন্টেৰে দ্বিতীয় আৰু তৃতীয় স্থানত থকা বাকী দলদুটা হ’ল- -ৰাজস্থান ৰয়েলছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েন্টছ । চতুৰ্দশ তথা অন্তিম খন লীগ মেচ শীৰ্ষ স্থানত থকা দলকেইটাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ।

আই পি এল অনুৰাগীৰ উৎকন্ঠা অন্ত পৰাৰ দিশে । দুটামান দিনৰ পাছতেই প্লে অফত খেলাৰ বাবে যোগ্যতা অৰ্জন কৰা দলৰ তালিকা পৰিস্কাৰ হৈ পৰিব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

8 + two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments