Thursday, July 7, 2022
HomeNewsজৰুৰী অৱস্থাৰ অৱসান : মাৰ্চৰ পৰা টকিঅ'লৈ যাব পাৰিব এথলিট

জৰুৰী অৱস্থাৰ অৱসান : মাৰ্চৰ পৰা টকিঅ’লৈ যাব পাৰিব এথলিট

অনিশ্চিয়তা আঁতৰিল। অলিম্পিকৰ বাবে মাৰ্চ মাহৰ পৰাই জাপানৰ টকিঅ’লৈ যাব পাৰিব এথলিট। জাপান চৰকাৰে ঘোষণা কৰি থোৱা জৰুৰী অৱস্থাৰ ইতিমধ্যে শেষ হৈছে। ইয়াৰ উপৰিও এতিয়াৰে পৰা জাপান ভ্ৰমণ কৰিলে দুই সপ্তাহ কোৱাৰেণ্টাইন হৈ থকাৰো প্ৰয়োজন নাই।

জাপানৰ সংবাদ মাধ্যমত প্ৰকাশ হোৱা খৱৰ অনুসৰি জাপান চৰকাৰে ১১ খন মুখ্য চহৰত ঘোষণা কৰি থোৱা জৰুৰী অৱস্থাৰ অৱসান ঘটিছে। ফলস্বৰূপে অলিম্পিকৰ বাবে প্ৰস্তুতি চলাবলৈ খেলুৱৈসকলে মাৰ্চৰ পৰাই টকিঅ’লৈ যাব পাৰিব। প্ৰকাশিত খৱৰ অনুসৰি খেলুৱৈসকলে মাত্ৰ কেইটামান নিয়ম মানিলেই হ’ব।

এই সময়ছোৱাত খেলুৱৈসকলে টকিঅ’ৰ কাষতে থাকিব লাগিব আৰু অনুশীলনৰ সময়ত গান গাবলৈ আৰু কথা পাতিবলৈ নোৱাৰিব। সকলো সময়তে মুখত মাস্ক লগাই ৰাখিব লাগিব। কেৱল খোৱাৰ সময়তহে খেলুৱৈয়ে মাস্ক খুলিব পাৰিব।

আনহাতে টকিঅ’ অলিম্পিকৰ খেলুৱৈৰ বাবে এতিয়াও ভেকচিন বাধ্যতামূলক কৰা হোৱা নাই। ইয়াৰ উপৰিও নিয়ন্ত্ৰিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আয়োজসকলে প্ৰতিদিনে অলিম্পিকত ২০ হাজাৰ দৰ্শক প্ৰৱেশৰ ব্যৱস্থা কৰিব বুলিও খৱৰ প্ৰকাশ পাইছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

20 + 20 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments