Monday, July 4, 2022
HomeNews’ঝুকেগা নেহী’- বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপ ভাৰতৰ দখলত

’ঝুকেগা নেহী’- বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপ ভাৰতৰ দখলত

 

অলিম্পিয়া প্ৰতিবেদন

‘ঝুকেগা নেহী’- ভাৰতীয় খেলুৱৈ ঝুকেগা নেহী । বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপৰ পৰা এই বাৰ্তাই প্ৰেৰণ কৰিলে ভাৰতীয় পুৰুষ আৰ্চাৰী দলটোৱে । বিশ্বজয় কৰি ভাৰতীয় দলটোৱে বিশ্ববাসীক জনাই দিলে এই কথা ।

ভাৰতীয় ক্ৰীড়া জগতৰ বাবে চলিত সপ্তাহটোত যেন আনন্দ উদযাপনৰহে সপ্তাহ । এফালে বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ভাৰতীয় মহিলা বক্সাৰ নিখাত জাৰিণে স্বৰ্ণ জয় কৰাৰ সমান্তৰালকৈ পি ভি সিন্ধুৱে থাইলেণ্ড অপেনত ইতিহাস সৃষ্টিৰ দিশে আগবাঢ়িছে। তাৰ মাজতেই আজি আকৌ বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপত ভৰতীয় দলটোৱে স্বৰ্ণ জয় কৰি দেশবাসীক পুনৰ এবাৰ গৌৰৱান্বিত কৰিলে ।

বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপত স্বৰ্ণ পদক অৰ্জন কৰি ভাৰতীয় দলটোৱে বিশ্ববাসীক জনাই দিলে ভাৰতীয় ঝুকেগা নেহী । ভাৰতীয় দলটোৱে বিশ্ব চেম্পিয়নশ্বিপ দখল কৰাৰ পিছতেই ‘পুষ্পা’ ছবিখনৰ সেই বিখ্যাত ভংগীমাৰে বিশ্ববাসীক ক’লে ঝুকেগা নেহী ।
ফ্ৰান্সৰ বিৰুদ্ধে ফাইনেলখনত ভাৰতে ২৩২-২৩০ ব্যৱধানত জয়লাভ কৰি বিশ্বজয় কৰিলে । ভাৰতীয় দলটোৱে এই স্বৰ্ণ পদক কম্পাউণ্ড ইভেণ্টত জয় কৰিছে । অমন চৌনী, অভিষেক বাৰ্মা আৰু ৰজত চৌহানৰে গঠিত দলটোৰ এই সফলতাত ভাৰতীয় আৰ্চাৰীৰ প্ৰতিজন সদস্য আনন্দিত হৈ পৰিছে ।

এই তিনিওজন আৰ্চাৰে এইবাৰ স্বৰ্ণ পদক দ্বিতীয় ষ্টেজত জয় কৰিছে । পূৰ্বে এই দলটোৱে প্ৰথম ষ্টেজতো স্বৰ্ণ পদক জয় কৰিছিল । একেৰাহে এইদৰে স্বৰ্ণ পদক আহৰণ কৰি ভাৰতীয় দলটোৱে বিশ্ব আৰ্চাৰীলৈ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিলে । সেয়ে হয়তো তেওঁলোকে ক’লে — ঝুকেগা নেহী ।

বিশ্ব ৰেংকিঙৰ চতুৰ্থ বাচনিৰ ভাৰতীয় দলটোৱে ষষ্ঠ বাচনিৰ ফ্ৰান্সৰ বিৰুদ্ধে চূড়ান্ত খেলখনত প্ৰথমে পিছপৰি আছিল । প্ৰথম দুটা ৰাউণ্ড ভাৰতীয় দল পিছপৰি আছিল । ইয়াৰ পিছত পৰৱৰ্তী তৃতীয় ৰাউণ্ডত ভাৰতীয় আৰ্চাৰৰ তীক্ষ্ণ দৃষ্টিৰ সন্মুখত হাৰ মানিবলৈ বাধ্য হ’ল ফ্ৰান্স বাহিনী ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fourteen − 11 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments