টকিঅ’ অলিম্পিকেই শেষ অলিম্পিক হ’ব মেৰী কমৰ। টকিঅ’ৰ পিছত পেৰিছ অলিম্পিকৰ মঞ্চত দেখিবলৈ পোৱা নাযাব দেশৰ বক্সিং আইকনগৰাকীক। লণ্ডন অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী মেৰী কমৰ বাবে সান্ত্বনা এয়াই যে ২০১২ চনৰ লণ্ডন অলিম্পিকত জয় কৰা ব্ৰঞ্জৰ পদকে নতুন প্ৰজন্মৰ এজাক ছোৱালীক বক্সিঙৰ প্ৰতি আকৰ্ষিত কৰি তুলিলে।
শেহতীয়াকৈ এক সাক্ষাৎকাৰত মেৰী কমে তেওঁৰ পৰৱৰ্তী অলিম্পিক সন্দৰ্ভত বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। কিছু দিন পূৰ্বে অলিম্পিকত স্বৰ্ণ পদক লাভ নকৰালৈকে শান্ত নহও বুলি কোৱা মেৰী কমে বৰ্তমান বয়সৰ জোখাৰে ৩৮ বছৰ অতিক্ৰম কৰিলে। তেওঁ নিজৰ বয়সৰ কথা উনুকিয়াই কয় যে, “মই নিশ্চিত যে ইচ্ছা কৰিলেও মোক ২০২৪ চনৰ পেৰিছ অলিম্পিকত ভাগ লবলৈ অনুমতি দিয়া নহব।” উল্লেখ্য যে, অলিম্পিকত বক্সাৰৰ অংশগ্ৰহণৰ বয়সৰ শেষ সীমা ৪০ বছৰ। কিন্তু কৰ’না ভাইৰাছে সৃষ্টি কৰা পৰিৱেশৰ বাবে সেই সীমা ৪১ বছৰলৈ বৃদ্ধী কৰা হৈছে। টকিঅ’ অলিম্পিকৰ পিছত ২০২৪ চনত অনুষ্ঠিত হ’ব পেৰিছ অলিম্পিক। তেতিয়ালৈকে মেৰী কমৰ বয়সে ৪১ ৰ সীমা অতিক্ৰম কৰিব।
ছবাৰৰ বিশ্ব চেম্পিয়ন মেৰীকমে ২০ বছৰ ধৰি বক্সিং খেলি আহিছে। ২০১২ চনৰ লণ্ডন অলিম্পিকত তেওঁ পোন প্ৰথমবাৰৰ বাবে দেশক প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ কৰিছিল আৰু ব্ৰঞ্জৰ পদকতে সীমাবদ্ধ হৈ থাকিবলগীয়া হৈছিল। ইয়াৰ পিছত তেওঁ ২০১৬ চনৰ ৰিঅ’ অলিম্পকৰ বাবে যোগ্যতা অৰ্জনত ব্যৰ্থ হৈছিল। ২০২৯ চনত তেওঁ টকিঅ’ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰি দ্বিতীয় বাৰৰ বাবে অলিম্পকত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ এক সুযোগ আহৰণ কৰে।
তেওঁ কয়, “অলিম্পিক বৰ বিশাল। যিকোনো খেলুৱৈৰ বাবেই অলিম্পিকত অংশগ্ৰহণ আৰু পদক জয় কৰাটোৱে এটা সপোন। ই জীৱন সলনি কৰি দিয়ে। এগৰাকী অলিম্পিয়ান হোৱাৰ লগতে অলিম্পিকৰ ব্ৰঞ্জৰ পদকে মোৰ জীৱন সলনি কৰিদিলে। মোৰ এই সাফল্যই বহু মহিলা খেলুৱৈক ক্ৰীড়াৰ প্ৰতি উৎসাহিত কৰিলে, বিশেষকৈ বক্সিঙত।”