Friday, September 30, 2022
HomeNewsটকিঅ' অলিম্পিকত এইগৰাকী ভাৰতীয় বক্সাৰে লাভ কৰিব স্বৰ্ণ পদক

টকিঅ’ অলিম্পিকত এইগৰাকী ভাৰতীয় বক্সাৰে লাভ কৰিব স্বৰ্ণ পদক

টকিঅ’ অলিম্পিকত স্বৰ্ণ পদক জয় কৰিব পাৰে ভাৰতীয় মহিলা বক্সাৰ চিমৰনজিত কৌৰে! এই আশা ব্যক্ত কৰিছে ১৯৯২ অলিম্পিকত পদকপ্ৰাপ্ত ভেংকাটেচান দেৱৰাজনে। তেওঁৰ মতে, মহিলা বক্সাৰ চিমৰনজিত কৌৰৰ পৰা স্বৰ্ণপদকৰ বহুত আশা আছে। তেওঁ প্ৰতিভাশালী আৰু বুদ্ধীমান। তেওঁৰ খেলাৰ ধৰণ বহুত সুন্দৰ। যি খেলুৱৈৰ হাতত খেলাৰ সুন্দৰ পদ্ধতি থাকে তেওঁৰ যিকোনো প্ৰতিদ্বন্দীক পৰাস্ত কৰাৰ আত্মবিশ্বাস থাকে।

উল্লেখ্যে যে, চিমৰণজিত কৌৰে টকিঅ’ অলিম্পিকৰ বাবে ৬০ কিলোগ্ৰামৰ মহিলা শাখাত টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে। শেহতীয়াকৈ অনুষ্ঠিত হোৱা ৩৫ সংখ্যক বক্সাম আন্তঃৰাষ্ট্ৰীয় বক্সিং টুৰ্ণামেণ্টত চিমৰনজিতে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰতিযোগিতাখনত তেওঁ ফাইনেলত ৰিঙত নামিবলৈ সক্ষম নহ’ল। কাৰণ ছেমি ফাইনেলত তেওঁৰ যিগৰাকী প্ৰতিদ্বন্দী আছিল সেইগৰাকী বক্সাৰ মেচখনৰ পিছত কৰ’না পজিটিভ হিচাপে চিনাক্ত হৈছিল।

এইগৰাকী প্ৰতিভাধৰ বক্সাৰে ২০১৮ চনৰ বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক আৰু ২০১৯ত অনুষ্ঠিত হোৱা এছিয়ান চেম্পিয়নশ্বিপতো ৰূপৰ পদক লাভ কৰিছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

6 + ten =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments