টকিঅ’ অলিম্পিকত পদক দখলৰ সম্ভাৱনা দুগুণে বৃদ্ধি কৰিলে ভাৰতৰ জেভলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই। যোৱা ৫ মাৰ্চত নেতাজী সুভাষ নেচনেল ইনষ্টিটিউট অৱ স্প’ৰ্টছত অনুষ্ঠিত হোৱা ভাৰতীয় গ্ৰা প্ৰীক্সত থ্ৰ’ৱাৰ জনে নেচনেল ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে। কেৱল সেয়াই নহয় তেওঁ ৰিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক দখল কৰা থ্ৰ’ৱাৰ জনকো অতিক্ৰম কৰিবলৈ সক্ষম হৈছে।
ৰিঅ’ অলিম্পিকত স্বৰ্ণ পদক লাভ কৰা জেভলিন থ্ৰ’ৱাৰ গৰাকীয়ে ৯০.৩০ মিটাৰ থ্ৰ’ কৰাৰ বিপৰীতে ৰূপৰ পদক জয় কৰা থ্ৰ’ৱাৰ জনে ৮৮.২৪ মিটাৰ থ্ৰ’ কৰিছিল। আনহাতে ব্ৰঞ্জৰ পদক দখল কৰা থ্ৰ’ৱাৰ জনে ৮৫.৩৮ মিটাৰ থ্ৰ’ কৰিছিল। কিন্তু যোৱা ৫ মাৰ্চত অনুষ্ঠিত হোৱা ইণ্ডিয়া গ্ৰা প্ৰীক্সত নীৰজে ৮৮.০৭ মিটাৰ থ্ৰ’ কৰি সেই ৰেকৰ্ড অতিক্ৰম কৰিছে।
উল্লেখ্য যে নীৰজে ২০১৮ চনত এছিয়ান গেমছত ৮৮.০৬ মিটাৰ থ্ৰ’ কৰি ৰেকৰ্ড সৃষ্টি কৰিছিল। ৫ মাৰ্চত নীৰজে নিজৰ এছিয়ান ৰেকৰ্ড ভংগ কৰে। ইয়াৰ লগে লগে আগন্তুক টকিঅ’ অলিম্পিকত পদক জয়ৰ সম্ভাৱনা নীৰজে বৃদ্ধি কৰিবলৈ সক্ষম হৈছে।