অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা অসমৰ প্ৰথমগৰাকী মহিলা বক্সাৰ লাভলীনা বৰগোঁহাই বৰ্তমান নতুন দিল্লীত। অলিম্পিকৰ বাবে নিজকে শাৰীৰিক আৰু মানসিক ভাৱে সাজু কৰি তোলাত ব্যস্ত গোলাঘাটৰ বাৰমুখীয়া গাঁৱৰ জীয়ৰীগৰাকী। টকিঅ’ অলিম্পিকত বিশ্বৰ শ্ৰেষ্ঠ বক্সাৰসকলক প্ৰত্যাহ্বান জনাবলৈ বৰ্তমান অধীৰ অপেক্ষাত তেওঁ। অলিম্পিকৰ বাবে কঠোৰ অনুশীলন, প্ৰশিক্ষণৰ জড়িয়তে অলিম্পিকত শক্তিশালী প্ৰদৰ্শন দাঙি ধৰাটোৱেই এতিয়া লাভলীনাৰ মূল লক্ষ্য।
এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা লাভলীনাৰ এক সাক্ষাতকাৰত বহু কথাই ক’লে অসমৰ যুঁজাৰু জীয়ৰীগৰকীয়ে।
অসুস্থ আইতাকৰ খবৰ লবলৈ আহি কৰ’নাত আক্ৰান্ত হোৱা লাভলীনাই এই ভাইৰাছবিধৰ কবলৰ পৰা মুক্ত হোৱাৰ পিছতেই পুনৰ নিজকে বক্সিং ৰিঙৰ বাবে সাজু কৰি তুলিছিল। পুনৰ অনুশীলনত মোননিবেশ কৰিছিল। কৰ’নাত আক্ৰান্ত হোৱাৰ বাবেই লাভলীনাই ইউৰোপলৈ উন্নত প্ৰশিক্ষণৰ বাবে যোৱা ভাৰতীয় দলত যোগদানৰ পৰা বঞ্চিত হৈছিল। ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে অলিম্পিক যোগ্যতা অৰ্জনকাৰী বক্সাৰকে ধৰি মুঠ ১৬ গৰাকী বক্সাৰক উন্নত প্ৰশিক্ষণৰ বাবে ইউৰোপলৈ প্ৰেৰণ কৰিছিল। এই ভ্ৰমণকাৰী দলটোৰ লগত লাভলীনাও যোৱাৰ কথা আছিল। কৰ’নাৰ বাবেই তেওঁ ইয়াৰ পৰা বঞ্চিত হৈছিল। কিন্তু তথাপিও হাৰ মনা নাই লাভলীনাই।
”মই কৰ’না ভাইৰাছত আক্ৰান্ত হৈছিলো, সেয়া মোৰ বাবে প্ৰত্যাহ্বানজনক সময় আছিল। কিয়নো সেই সময়ত মোৰ স্বাস্থ্যৰ বাবে প্ৰশিক্ষণ গ্ৰহণ কৰিব পৰা নাছিলোঁ। মই নিজকে ইতিবাচক আৰু মটিভেটেড কৰি ৰাখিবলৈ চেষ্টা কৰিছিলো। ধ্যানৰ কৰি ভৱিষ্যতৰ সম্ভাৱনাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি নিজকে উন্নত কৰিবলৈ ঠিৰাং কৰিছিলো।” সাক্ষাতকাৰত এইদৰে কৈছে লাভলীনাই।
ইয়াৰ উপৰিও লাভলীনাই কৈছে, মই পুনৰ ফিটনেছ পাবৰ বাবে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হবলগীয়া হৈছিল। কিয়নো প্ৰথম পৰ্যায়ৰ কৰ’না সংক্ৰমণৰ সময়ছোৱাত নিজ ঘৰতেই থাকি অনুশীলন কৰিবলগীয়া হৈছিল আৰু সেই সময়ছোৱাত তেওঁৰ ওচৰত অনুশীলনৰ বাবে পৰ্যাপ্ত সঁজুলি নাছিল।
ইফালে প্ৰথমগৰাকী অসমীয় মহিলা হিচাপে অলিম্পিকলৈ যোগ্যতা অৰ্জনকৰা লাভলীনাই প্ৰথমগৰাকী অসমীয়া হোৱাৰ বাবে গৌৰৱ অনুভৱ কৰে বুলিও প্ৰকাশ কৰিছে। আগন্তক বিশ্ব প্ৰতিযোগিতাখনত তেওঁ নিজৰ সৰ্বোচ্ছ উজাৰি দি খেলি নিজৰ ৰেকৰ্ড ভঙ্গ কৰিব বুলিও প্ৰকাশ কৰিছে।
এডিডাছৰ ”ইম্পছিবল ইজ নাথিং” অভিযানৰো এক অংশ লাভলীনা। এডিডাছৰ এই অভিযানৰ মূল উদ্দেশ্য হৈছে সকলোকে তেওঁলোকৰ সম্ভাৱনাবোৰ বাস্তৱত পৰিণত কৰিবলৈ অনুপ্ৰাণিত আৰু সক্ষম কৰি তোলা। লাভলীনাৰ মতে ইম্পছিবল ইজ নাথিং হৈছে সম্ভাৱনাবোৰক অধিক গুৰুত্ব প্ৰদান কৰা। লাভলীনাই বিচাৰে প্ৰতিগৰাকী মহিলাই বিশ্বাস কৰক যে তেওঁলোকে প্ৰতিটো ক্ষেত্ৰতে পুৰুষৰ সমান আৰু যিকোনো কাম তেওঁলোকে কৰিব পাৰে। লাভলীনাই কয়, মহিলা সকলেও গ্লভছ পিৰধান কৰিব পাৰে আৰু বক্সিংত দেশক প্ৰতিনিধিত্ব কৰি সুন্দৰ প্ৰদৰ্শন কৰিব পাৰে।