টকিঅ’ অলিম্পিকৰ বাবে ৪x১০০ ভাৰতীয় ৰিলে দলত স্থান লাভ কৰিছে হিমাই

টকিঅ’ অলিম্পিকৰ বাবে প্ৰস্তুতি চলাই থকা ভাৰতীয় ৪×১০০ ৰিলে দলত স্থান লাভ কৰিছে ধিং এক্সপ্ৰেছ হিমা দাসে। হিমাৰ লগতে এথলিট দুতি চান্দেও এই দলত স্থান লাভ কৰিছে। ভাৰতৰ ৰিলে দলটোৱে টকিঅ’ অলিম্পিকত।নিজৰ স্থান সুৰক্ষিত কৰিবলৈ আগন্তুক বৰ্ষত থাইলেণ্ডত হ’বলগীয়া এছিয়ান ৰিলে চেম্পিয়নশ্বিপ আৰু পোলেণ্ডত হ’বলগীয়া বিশ্ব প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।

ভাৰতীয় দলটোৰ মুখ্য প্ৰশিক্ষক ৰাধাকৃষ্ণন নায়াৰে অলিম্পিক চেনেলৰ আগত হিমাৰ প্ৰসংগত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তেওঁৰ বিশ্বাস হিমাই ১০০ মিটাৰ দৌৰ ১১.৫০ চেকেণ্ডত সম্পূৰ্ণ কৰিবলৈ সক্ষম হ’ব। তেওঁ দুতি চান্দকো এগৰাকী ভাল এথলিট বুলি প্ৰশংসা কৰিছে।

কোৱা হৈছে হিমা দাস আৰু দুতি চান্দক দলত অন্তৰ্ভুক্ত কৰাত ভাৰতীয় দলটোৰ শক্তি বৃদ্ধি পাইছে।

ইফালে অলিম্পিকৰ পূৰ্বে থাইলেণ্ডত অনুষ্ঠিত হ’বলগীয়া এছিয়ান চেম্পিয়নশ্বিপ এথলিট সকলৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। মনকৰিবলগীয়া যে এছিয়ান প্ৰতিযোগিতাত মহিলাৰ ৪×১০০ ৰিলেত ভাৰতীয় মহিলা দলৰ প্ৰদৰ্শন চকুত লগা। ২০০২ চনৰ এছিয়ান চেম্পিয়নশ্বিপত মহিলা দলটোৱে এথলিটসকলে মুঠ ৫ টা স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল। শেহতীয়াকৈ ২০১৮ চনত হিমা দাস আৰু তেওঁৰ সহযোগী সকলে জাকাৰ্টাত ৩:২৮.৭২ সময়ৰ ব্যৱধানত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও মিক্সড ৰিলেটো ভাৰতীয় দলটোৱে স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হৈছিল। প্ৰতিযোগিতাখনত হিমা সহিতে দলটোৱে ৰূপৰ পদক লাভ কৰিছিল যদিও পৰবৰ্তী সময়ত স্বৰ্ণজয়ী দলটোৰ এজন সদস্য নিষিদ্ধ দ্ৰব্য গ্ৰহণ কৰা প্ৰমাণিত হোৱাত দলটোক অযোগ্য ঘোষণা কৰা হৈছিল আৰু ভাৰতীয় দলটোৰ ৰূপৰ পদক স্বৰ্ণ পদকলৈ উন্নিত হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *