আজি গুৱাহাটীৰ খানাপাৰাৰ ৱাকিং জ’নত ITF টাং চু ডু ক্ৰীড়া সন্থা, অসমে ইতিমধ্যে হৈ যোৱা ব্লেট পৰীক্ষাত ব্লেক ব্লেট আৰু কালাৰ ব্লেট প্ৰতিযোগিতাত উত্তীৰ্ণ হোৱা খেলুৱৈসকলক বেল্ট সমূহ প্ৰদান কৰে। এই অনুষ্ঠানত সন্থাই উত্তীৰ্ণ হোৱা মুঠ ৫০ জন ছাত্ৰ ছাত্ৰীক ব্লেট প্ৰদান কৰে।

অনুস্থানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম অলিম্পিক সন্থাৰ উপ সভাপতি তথা সৰ্ব ভাৰতীয় চেপাক টাক্ৰ’ সন্থাৰ উপ সভাপতি বিষ্ণুৰাম নুনিচা ।অনুষ্ঠানটোত নুনিচাক ITF টাং চু ডু ক্ৰীড়া সন্থা, অসমৰ তৰফৰ পৰা এখনি ফুলাম গামোচা আৰু এটি জাপিৰে উষ্ম আদৰনি জনায় । ইয়াৰ উপৰিও এই বেল্ট প্ৰদান অনুষ্ঠানটোত উপস্থিত থাকে অসম টাং চু ডু ক্ৰীড়া সন্থাৰ কাৰিকৰী প্ৰশিক্ষক মাষ্টাৰ দেৱজিৎ গগৈ, মহিলাৰ প্ৰশিক্ষক বৰ্ণালী গগৈ প্ৰশিক্ষক মানস প্ৰতীম কোঁৱৰ আৰু অনুভৱ গগৈ । অনুষ্ঠানটোত চেপাক টাক্ৰ’ সন্থাৰ উপ সভাপতি বিষ্ণুৰাম নুনিচাৰ উপস্থিতিয়ে খেলুৱৈ আৰু প্ৰশিক্ষকৰ লগতে অনুষ্ঠানটোত উপস্থিত অভিবাৱকসকলক উৎসাহিত কৰে বুলি জানিবলৈ দিছে।
