Monday, October 3, 2022
HomeNewsটাইকোৱানডোৰ অক্লান্ত সৈনিক দ্বীপেন বৰ্মন

টাইকোৱানডোৰ অক্লান্ত সৈনিক দ্বীপেন বৰ্মন

টাইকোৱানডোৰ অক্লান্ত সৈনিক দ্বীপেন বৰ্মন

অলিম্পিয়া প্ৰতিবেদন: টাইকোৱানডোৰ এজন অক্লান্ত সৈনিক । যাৰ প্ৰচেষ্টাত জন্ম হৈছে কেইবাগৰাকীও ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় টাইকোৱানডো খেলুৱৈৰ । এসময়ৰ দুৰ্দান্ত খেলুৱৈ আৰু আজি তেওঁ টাইকোৱানডোৰ গুৰু ।নাম তেওঁৰ দ্বীপেন বৰ্মন । গৃহ জিলা নলবাৰীৰ জাপৰকুচিৰ পৰা আৰম্ভ দ্বীপেন বৰ্মনৰ ক্ৰীড়া জীৱন । ১৯৮৯ চনত এজন টাইকোৱানডো খেলুৱৈ হিচাপে আত্মপ্ৰকাশ কৰিছিল দ্বীপেন বৰ্মনে ।

আৰু অধিক পঢ়ক

নিজৰ প্ৰতিভাৰ বলত ৰাষ্ট্ৰীয় পৰ্যায়ত বহু পদক অৰ্জনৰে অসম মাতৃক কৰিছিল গৌৰৱান্বিত । ২০০১ বৰ্ষলৈকে খেলুৱৈ হিচাপে থাকি ২০০২ বৰ্ষত এন আই এছ ডিগ্ৰী লাভ কৰে । ২০০৩ বৰ্ষৰ পৰা আৰম্ভ হয় দ্বীপেন বৰ্মনৰ প্ৰশিক্ষকৰ জীৱন । প্ৰথমে অসম পুলিচৰ টাইকোৱানডো প্ৰশিক্ষক হিচাপে বৰ্মনে খেলুৱৈসকলক প্ৰশিক্ষণ প্ৰদান কৰে । ইয়াৰ পাছতেই ২০০৫ বৰ্ষত গুৱাহাটী ছাইত নিযুক্তি লাভ কৰি জন্ম দিলে বহু ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় টাইকোৱানডো খেলুৱৈৰ । তেওঁৰ তত্বাৱধানত টাইকোৱানডোৰ আদিপাঠ গ্ৰহণ কৰিছিল জ্ঞানদ্বীপ কলিতা, ৰেখাৰাণী গগৈ, ৰদালি বৰুৱা, তাচিন বেগম, সবিতা ৰামচিয়াৰী, অজয় বাছফৰ আদিৰ দৰে বহু নামজ্বলা ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় টাইকোৱানডো খেলুৱৈয়ে ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

বৰ্তমান কোকৰাঝাৰৰ ছাইত কৰ্মৰত দ্বীপেন বৰ্মন । ২০১৭ চনৰ পৰাই কোকৰাঝাৰত নতুন প্ৰতিভা সৃষ্টিত মনোনিৱেশ কৰিছে প্ৰশিক্ষকজনে । দৈনিক প্ৰায় ৩০ গৰাকী টাইকোৱানডো খেলুৱৈক প্ৰশিক্ষণ প্ৰদান কৰিছে দ্বীপেন বৰ্মনে । তেওঁলোকৰ লক্ষ্য– চলিত বৰ্ষত অনুষ্ঠিত হ’ব লগা ৰাজ্যিক টাইকোৱানডো প্ৰতিযোগিতা ।

উল্লেখযোগ্য যে দ্বীপেন বৰ্মনে খেলুৱৈ অৱস্থাত ৰাষ্ট্ৰীয় আৰু অপেন আন্তঃৰাষ্ট্ৰীয় টাইকোৱানডো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলেও বিশ্ব টাইকোৱানডো ফেডাৰেচনৰ দ্বাৰা আয়োজিত খেলসমূহত সময়ৰ আহ্বানত অংশগ্ৰহণ কৰিব পৰা নাছিল । কিন্তু বিশ্বৰ সৰ্ববৃহৎ টাইকোৱানডো চেম্পিয়নশ্বিপ অথবা অলিম্পিকলৈ নিজৰ শিষ্যক পঠোৱাৰ সপোন পুহি ৰাখিছে তেওঁ । লগতে অৱসৰৰ পাছত নিজৰ জন্মস্থান নলবাৰীত এখন টাইকোৱানডো একাডেমী স্থাপন কৰি অঞ্চলটোৰ খেলুৱৈক প্ৰশিক্ষণ প্ৰদান কৰিবলৈ আগ্ৰহী দ্বীপেন বৰ্মন ।

YouTube player

ক্ৰীড়া অনুৰাগীৰ আশা — জ্যেষ্ঠ টাইকোৱানডো প্ৰশিক্ষকজনৰ সোণসেৰীয়া প্ৰচেষ্টাই সফল ৰূপ পাওক । তেওঁৰ তত্বাৱধানত অলিম্পিকত অসম তথা ভাৰতৰ বিজয়ধ্বজা উৰাওক অসমৰ টাইকোৱানডো খেলুৱৈয়ে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments