Monday, October 3, 2022
HomeNewsটি-টুৱেন্টিৰ বিশ্বকাপ; একেটা গ্ৰুপতে ভাৰত পাকিস্তান

টি-টুৱেন্টিৰ বিশ্বকাপ; একেটা গ্ৰুপতে ভাৰত পাকিস্তান

অলিম্পিয়া প্রতিবেদন

আই চি চি ইয়ে ঘোষণা কৰিছে টি-টুৱেন্টি ক্ৰিকেটৰ গ্রুপৰ তালিকা। অহা ১৭ অক্টোবৰৰ পৰা ১৪ নৱেম্বৰলৈ ইউনাইটেড আৰব এমিৰাটছ আৰু ওমানত অনুষ্ঠিত হব এই ক্ৰিকেট প্ৰতিযোগিতা। উল্লেখযোগ্য যে, ২০২১ৰ টি টুৱেন্টি বিশ্বকাপ ভাৰতে আয়োজন কৰাৰ কথা আছিল যদিও ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে সেয়া সম্ভৱ নহ’ল। প্ৰতিযোগিতাখন ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়াম, আবু ঢাবিৰ শ্বেখ জায়েদ ষ্টেডিয়াম, শ্বাৰাজাহ ষ্টেডিয়াম আৰু ওমান ক্ৰিকেট একাডেমী গ্ৰাউণ্ডত অনুষ্ঠিত হ’ব।

আই চি চি য়ে প্ৰতিযোগিতাখনৰ গ্ৰুপ পৰ্যায়ৰ তালিকা ইতিমধ্যে প্ৰকাশ কৰিছে। সেই অনুসৰি ভাৰত আৰু পাকিস্তান একেটা গ্রুপতে ৰখা হৈছে।

ৰাউণ্ড -১
গ্ৰুপ এ: শ্ৰীলংকা, আয়াৰলেণ্ড, নেডাৰলেণ্ড, নামিবিয়া

গ্ৰুপ বি: বাংলাদেশ, স্কটলেণ্ড, পাপুয়া নিউ গিনি, ওমান

চুপাৰ ১২
গ্ৰুপ 1: অষ্ট্ৰেলিয়া, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা, ৱেষ্ট ইণ্ডিজ, এ১, বি২

গ্ৰুপ 2: ভাৰত, পাকিস্তান, নিউজিলেণ্ড, আফগানিস্তান, বি১, এ২

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nine + thirteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments