ভাৰত -ইংলেণ্ডৰ চতুৰ্থ টেষ্টৰ পৰা নাম প্ৰত্যাহাৰ কৰা ভাৰতীয় বেগী বলাৰ যশপ্ৰীত বুমৰাহ নাথাকিব ৫ খন টি-২০ আৰু ৩ খন এদিনীয়াৰ ছিৰিজত। ব্যক্তিগত কাৰণত চতুৰ্থ টেষ্টৰ পৰা নাম প্ৰত্যাহাৰ কৰা বুমৰাহে টি-২০ ৰ শৃংখলাত অংশগ্ৰহণ নকৰটো নিশ্চিত হৈছে।
মনকৰিবলগীয়া যে পাংসপেশীৰ আঘাতৰ সমস্যাত ভূগি থকা বুমৰাহে অষ্ট্ৰেলিয়াৰ ভ্ৰমণৰ সময়ছোৱাত ব্ৰীছবেন টেষ্টৰ পৰা বাহিৰ হৈছিল। ইয়াৰ পিছত পুনৰ দললৈ উভতি আহিছিল যদিও শেহতীয়াকৈ অনুষ্ঠিত হোৱা ভাৰত-ইংলেণ্ড টছষ্ট শৃংখলাত বুমৰাহে উন্নত প্ৰদৰ্শন কৰিব পৰা।নাছিল।
ইফালে চলিত বৰ্ষত ভাৰতৰ সন্মুখত আছে বহু কেইখন গুৰুত্বপূৰ্ণ প্ৰতিযোগিতা। এই প্ৰতিযোগিতাসমূহত ভাৰতীয় দলত বুমৰাহৰ গুৰুত্ব অপৰিসীম। এনে এক কাৰণত বুমৰাহে কিছু জিৰণি লৈ নিজকে সাজু কৰি তুলিব বিচাৰিছে। আই পি এলৰ পৰাই বুমৰাহে নিজকে পুনৰ ক্ৰিকেটৰ লগত জড়িত কৰি তুলিব বুলি চৰ্চা চলিছে।