Thursday, July 7, 2022
HomeNewsটি-২০ ত গুৰুত্ব বাঢ়িছে হাৰ্দিক পাণ্ডিয়াৰ

টি-২০ ত গুৰুত্ব বাঢ়িছে হাৰ্দিক পাণ্ডিয়াৰ

টি-২০ ত গুৰুত্ব বাঢ়িছে হাৰ্দিক পাণ্ডিয়াৰ

অলিম্পিয়া প্ৰতিবেদন: অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’ব লগা আগন্তুক টি-টুৱেণ্টি বিশ্বকাপ ভাৰতৰ বাবে এক ডাঙৰ অস্ত্ৰ হ’ব পাৰে হাৰ্দিক পাণ্ডিয়া ৷ এই মন্তব্য ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক মহম্মদ আজহাৰুদ্দিনৰ ৷ উল্লেখ্য যে যোৱা বছৰ টি-টুৱেণ্টি বিশ্বকাপত দলত স্থান লাভ নকৰাৰ অনিশ্চয়তাত থকা হাৰ্দিক পাণ্ডিয়াই সদ্য সমাপ্ত আই পি এলত যথেষ্ট উজ্জীৱিত প্ৰদৰ্শন আগবঢ়ালে ৷

আৰু অধিক পঢ়ক

গুজৰাট টাইটানছে এইবাৰৰ আই পি এলৰ খিতাপ জয় কৰাত অধিনায়ক পাণ্ডিয়াৰ আছিল গুৰুত্বপূৰ্ণ অৱদান ৷ বেটে বলে উজলি উঠিছিল তেওঁ ৷ কিন্তু আঘাটৰ সমস্যাৰ বাবে কিমান দিন পাণ্ডিয়াই তেওঁৰ এই প্ৰদৰ্শন অব্যাহত ৰাখিব পাৰিব সেই লৈ আজহাৰে সংশয় ব্যক্ত কৰে ৷ আঘাটৰ বাবে পাণ্ডিয়াৰ কেৰিয়াৰ ইতিমধ্যেই বহু পিছুৱাই গৈছে ৷

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

আই পি এলৰ প্ৰতিখন মেচত ৪ অভাৰকৈ বলিং কৰিলেও পাণ্ডিয়াৰ ফিটনেছকলৈ সংশয় মুক্ত হ’ব পৰা নাই আজহাৰ ৷ তেওঁ কয়, “ভাৰতীয় দলত পাণ্ডিয়াৰ দৰে আলৰাউণ্ডাৰৰ প্ৰয়োজনীয়তা আছে ৷ দলে আৰু বহু পাব লগা আছে তেওঁৰ পৰা ৷ কিন্তু আঘাটৰ সমস্যাই হাৰ্দিকৰ বাবে এক বৃহৎ সংশয় হৈ থিয় দিছে ৷ তেওঁ নিয়মীয়াকৈ বলিং কৰাতো মই বিচাৰো ’’— আজহাৰে কয় ৷ তেওঁৰ দৰে ক্ৰীড়ানুৰাগীৰ আশা– বেটে বলে উজলি থাকক হাৰ্দিক পাণ্ডিয়া ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

19 − 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments