Friday, September 30, 2022
HomeNewsটি-২০ বিশ্বকাপৰ দল ঘোষণা অষ্ট্ৰেলিয়াৰ, ভাৰতৰ বিৰুদ্ধে প্ৰস্তুতি মেচ

টি-২০ বিশ্বকাপৰ দল ঘোষণা অষ্ট্ৰেলিয়াৰ, ভাৰতৰ বিৰুদ্ধে প্ৰস্তুতি মেচ

টি-২০ বিশ্বকাপৰ দল ঘোষণা অষ্ট্ৰেলিয়াৰ, ভাৰতৰ বিৰুদ্ধে প্ৰস্তুতি মেচ

অলিম্পিয়া প্ৰতিবেদন:  সমাগত টি-২০ বিশ্বকাপৰ বাবে অষ্ট্ৰেলিয়াই দল ঘোষণা কৰিছে ৷ দলটোৱে ভাৰতৰ বিৰুদ্ধে তিনিখন মেচৰ এক শৃংখলাত অংশ ল’ব ৷ কিন্তু বিশ্ৰাম দিয়া বাবে প্ৰস্তুতি মেচত ৰখা নাই ডেভিদ ৱাৰ্ণাৰক ৷ বিশ্বকাপৰ পূৰ্বে প্ৰস্তুতি মেচ খেলিবলৈ অষ্ট্ৰেলিয়াই ভাৰত ভ্ৰমণ কৰিব ৷ ভাৰতৰ বিৰুদ্ধে খেলাৰ যোগেদি টি-২০ বিশ্বকাপৰ বাবে প্ৰস্তুত হ’ব এৰণ ফিন্সৰ নেতৃত্বাধীন দলটো ৷ ভাৰতৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ টি-২০ শৃংখলাৰ প্ৰথম মেচ হ’ব ২০ ছেপ্টেম্বৰত মোহালিত ৷

২৩ ছেপ্টেম্বৰত নাগপুৰত হ’ব দ্বিতীয় মেচ ৷ হাইদৰাবাদত তৃতীয় তথা অন্তিম মেচ হ’ব ২৫ ছেপ্টেম্বৰত ৷ ভাৰতৰ বিৰুদ্ধে এই শৃংখলাত অষ্ট্ৰেলিয়াৰ অধিনায়কৰ দায়িত্বত আছে এৰণ ফিন্স ৷ দলত আছে ষ্টিভেন স্মিথ, মেথিউ ৱেড, মিছেল ষ্ট্ৰাৰ্ক, জ’ছ হেজেলউদ, গ্লেন মেক্সৱেল, পেট কামিন্স, মাৰ্কাছ ষ্ট্ৰইনিছ, আডাম জাম্পা ৷ ৱাৰ্ণাৰৰ সলনি দলত খেলিব কেমেৰুণ গ্ৰীণে ৷ অষ্ট্ৰেলিয়া দলত স্থান লাভ কৰিছে টিম ডেভিদে ৷ তেওঁ ছিংগাপুৰৰ খেলুৱৈ যদিও অষ্ট্ৰেলিয়াৰ হৈ প্ৰথমবাৰলৈ খেলাৰ সুযোগ লাভ কৰিছে ৷ দুবছৰৰ আগতে শেষবাৰৰ বাবে তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত টি-২০ মেচ খেলিছিল ৷ ছিংগাপুৰৰ হৈ ১১ খন মেচত ডেভিদে কৰিছে ৪২৯ ৰাণ ৷ আই পি এলত খেলিছে মুম্বাই ইণ্ডিয়ানছৰ হৈ ৷ ৯ খন মেচত তেওঁৰ অৱদান ১৮৭ ৰাণ ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eighteen − 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments