চলিত বৰ্ষত ভাৰতত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্ব কাপৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ৯ খন ষ্টেডিয়াম প্ৰস্তাৱ কৰিছে। আহমেদাবাদ, বেংগালুৰু, চেন্নাই, দিল্লী, ধৰ্মশালা, হাইদৰাবাদ, কলকাতা, লক্ষ্ণৌ আৰু মুম্বাইৰ ষ্টেডিয়াম বিশ্বকাপখনৰ বাবে আই চি চিৰ আগত প্ৰস্তাৱ কৰিছে। এই কেইখন চহৰৰ ষ্টেডিয়ামত প্ৰতিযোগিতাখনৰ মেচ অনুষ্ঠিত কৰিবনে নাই সেই বিষয়ত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব আই চি চিয়ে। ইফালে আই চি চিয়ে আন দুখন এছিয়ান দেশকো বেক আপ প্লেনহিচাপে সাজু হৈ থাকিবলৈ আহ্বান জনাইছে।
দেশত বৃদ্ধি পোৱা কৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক অক্টোবৰ, নৱেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনক লৈ বি চি চি আই আৰু আই চি চিয়ে এনেধৰণৰ প্ৰচেষ্টা হাতত লৈছে বুলি জানিব পৰা গৈছে। প্ৰতিখন চহৰৰ কৰ’নাৰ স্থিতিৰ ওপৰত নিৰ্ভৰ কৰিয়েই আই চি চিয়ে প্ৰতিযোগিতাৰ মেচ অনুষ্ঠিত কৰা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিব। আনহাতে ভাৰতত সৃষ্টি হোৱা পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি সময়ত প্ৰতিযোগিতাখন যাতে আন স্থানলৈ স্থানান্তৰ কৰিব পাৰি তাৰ বাবে বেক আপ প্লেন হিচাপে আন দুখন এছিয়ান দেশক সাজু হৈ থাকিবলৈ আই চি চিয়ে আহ্বান জনাইছে।
এক ভাৰ্চুৱেল বৈঠকত এই বিষয় সমূহত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা।গৈছে। বি চি চি আইৰ বৈঠকত প্ৰতিযোগিতাখনৰ স্থান আৰু পাকিস্তানৰ খেলুৱৈক ভিছা প্ৰদানৰ প্ৰসংগত লোৱা হৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। পাকিস্তানৰ খেলুৱৈৰ ভিছাৰ প্ৰসংগ বাদ দি বৈঠকত লোৱা আন সিদ্ধান্ত সমূহৰ ওপৰত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব আই চি চিয়ে।
আগন্তুক ২৬ এপ্ৰিলত আই চি চিৰ এটা সজাতি দলে ভাৰত ভ্ৰমণ কৰিব। এই সময়ছোৱাতে লোৱা হ’ব চূড়ান্ত সিদ্ধান্ত। কোৱা হৈছে অধিক সংখ্যক ষ্টেডিয়ামত প্ৰতিযোগিতাৰ মেচ অনুষ্ঠিত কৰাৰ পৰিৱেশ সৃষ্টি নহ’লে ষ্টেডিয়ামৰ সংখ্যা হ্ৰাস কৰা হ’ব। ইয়াৰ উপৰিও ভাৰতৰ ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গ’লে শ্ৰীলংকা বা ইউ এ ইলৈ প্ৰতিযোগিতাখন স্থানান্তৰ কৰা হ’ব পাৰে। যাৰ বাবে দুয়োখন দেশকে সাজু হৈ থাকিবলৈ কোৱা হৈছে।