Monday, July 4, 2022
HomeNewsটি-২০ বিশ্বকাপ বিশেষ

টি-২০ বিশ্বকাপ বিশেষ

২০২১ চনত বিশ্ব‌ ক্ৰীড়া ক্ষেত্ৰ হৈ পৰিব বিশেষ। এই বছৰটোতে অনুষ্ঠিত হ’ব বিশ্ব ক্ৰীড়াৰ সৰ্বোচ্চ প্ৰতিযোগিতা টকিঅ’ অলিম্পিক আৰু ক্ৰিকেটৰ সবাতোকৈ সৰু ফ’ৰ্মেট টি-২০ বিশ্বকাপ। অতি ৰোমাঞ্চকৰ এই প্ৰতিযোগিতাখন ভাৰতে অনুষ্ঠিত কৰাৰ সুযোগ লাভ কৰাৰ লগতে পুনৰ এবাৰ চেম্পিয়ন হোৱাৰ সুযোগ লাভ কৰিছে।

২০২১ বৰ্ষৰ অক্টোবৰ-নৱেম্বৰ মাহত ভাৰতত টি-২০ বিশ্বকাপ অনুষ্ঠিত হ’ব। ২০১৬ চনত ভাৰতে প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ সুযোগ লাভ কৰিছিল যদিও ভাৰতে ছেমি ফাইনেল পৰ্যন্তহে খেলাৰ সুযোগ লাভ কৰিছিল। আনহাতে সেইবাৰ প্ৰতিযোগিতাখন প্ৰায় ৭৩ কোটি দৰ্শকে উপভোগ কৰিছিল আৰু ১৮৫০ কোটি টকা অৰ্থ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল‌। সেইবাৰৰ চেম্পিয়ন ৱেষ্ট‌ইণ্ডিজে ১২ কোটি টকাৰ প্ৰাইজমানী লাভ কৰিছিল। ইফালে আই চি চিয়ে এইবাৰ প্ৰাইজমানী বৃদ্ধি কৰি ১৮ কোটি টকাৰ সম্ভাৱনা আছে বুলিও প্ৰকাশ পাইছে।

বিশ্বত ক্ৰিকেটৰ জনপ্ৰিয়তা সৰ্বাত্মক যদিও আজিও মাত্ৰ ১২ খন দেশেহে টেষ্ট ক্ৰিকেট খেলাৰ সুযোগ লাভ কৰিছে। ১৮৭৭চনত অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডে প্ৰথমখন টেষ্ট খেলাৰ পৰা বৰ্তমানলৈকে ২৩৯৯ খন টেষ্ট বিশ্ব ক্ৰিকেটৰ ইতিহাসত লিপিবদ্ধ হৈছে। ইফালে ২০০৪ চনত আত্মপ্ৰকাশ কৰা ক্ৰিকেটৰ সবাতোকৈ সৰু ফ’ৰ্মেট টি-২০ বৰ্তমান ১০৪ খন দেশে খেলাৰ সুযোগ লাভ কৰিছে। মাত্ৰ ১৬ বছৰতে টি-২০ ক্ৰিকেট বিশ্বৰ বিভিন্ন দেশত জনপ্ৰিয় হৈ পৰিছে।

ভাৰতে দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত কৰাৰ সুযোগ লাভ কৰা টি-২০ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাখনত ১৬ টা দলে অংশগ্ৰহণ কৰিব আৰু মুঠ ৪৫খন মেচ অনুষ্ঠিত হ’ব। ইফালে এই বিশ্বকাপৰ মেচ অনুষ্ঠিত কৰাৰ সাম্ভাব্য চহৰৰ ভিতৰত আহমেদাবাদ, চেন্নাই, বেংগালুৰু, দিল্লী, ম’হালি, ধৰ্মশালা, কলকাতা, মুম্বাই আছে বুলি জানিব পৰা গৈছে। প্ৰতিযোগিতাৰ চূড়ান্ত মেচখন আহমেদাবাদৰ মটেৰা ষ্টেডিয়ামত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে অক্টোবৰ-নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপক ২০২৩ বৰ্ষত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া বিশ্বকাপৰ ৰিহাৰ্চেল বুলিও উল্লেখ কৰা হৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments