Thursday, July 7, 2022
HomeNewsটীম ইণ্ডিয়াৰ বিৰুদ্ধে থিয় দিছে পূজাৰা, পণ্ট, বুমৰাহ আৰু প্ৰসিদ্ধ

টীম ইণ্ডিয়াৰ বিৰুদ্ধে থিয় দিছে পূজাৰা, পণ্ট, বুমৰাহ আৰু প্ৰসিদ্ধ

টীম ইণ্ডিয়াৰ বিৰুদ্ধে থিয় দিছে পূজাৰা, পণ্ট, বুমৰাহ আৰু প্ৰসিদ্ধ

অলিম্পিয়া প্ৰতিবেদন: আই পি এল নহয় এইবাৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতীয় ক্ৰিকেট দলৰ সদস্যই ভাৰতীয় ক্ৰিকেট দলৰ বিৰুদ্ধেই অৱতীৰ্ণ হ’ব মেচত । ভাৰতীয় ক্ৰিকেট দলৰ ৪ গৰাকীকৈ নিয়মীয়া খেলুৱৈয়ে ভাৰতৰ বিৰুদ্ধে খেলিব ক্ৰিকেট । এই খবৰ প্ৰকাশ পোৱাৰ লগে লগে ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ মাজত সৃষ্টি হৈছে উৎসুকতা ।

ইংলেণ্ডৰ মাটিত ভাৰতৰ বিপক্ষে খেলিব ৪ গৰাকী ভাৰতীয় ক্ৰিকেটাৰে । এই ৪ গৰাকী ক্ৰিকেটাৰৰ মাজত আছে টেষ্ট বিশেষজ্ঞ চেতেশ্বৰ পূজাৰা, য়ৰ্কাৰ কিং যশপ্ৰীত বুমৰাহ, ছিক্সাৰ কিং তথা ভাৰতীয় দলৰ নিয়মীয়া উইকেট কীপাৰ বেটছমেন ঋষভ পণ্ট আৰু নৱাগত প্ৰসিদ্ধ কৃষ্ণ ।

আৰু অধিক পঢ়ক

ভাৰতীয় টেষ্ট দলটোত নৱাগত প্ৰসিদ্ধক বাদ দি বাকী ৩ গৰাকী ক্ৰিকেটাৰৰ ভূমিকা কিমান সেয়া ক্ৰিকেট অনুৰাগীয়ে ভালকৈ জানে । চেতেশ্বৰ পূজাৰা আৰু ঋষভ পণ্ট যুটীয়ে ভাৰতক কিদৰে ঐতিহাসিক বিজয়ৰ আনন্দত মতলীয়া হোৱাৰ সুযোগ দিছে সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই । ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী বিজয়ত পূজাৰা আৰু পণ্টৰ ভূমিকা উল্লেখ কৰা নিস্প্ৰয়োজন।

ভাৰতীয় দলটোৰ বেটিং আৰু বলিং আক্ৰমণৰ মেৰুদণ্ড স্বৰূপ এই ৪ খেলুৱৈয়ে ভাৰতীয় দলটোৰ বিপক্ষে খেলাৰ খবৰ প্ৰকাশ পোৱাৰ লগে লগে সৃষ্টি হোৱা উৎসুকতাৰ মাজতে প্ৰকাশ হৈছে ইয়াৰ আঁৰৰ কাৰণ ।

অহা ১ জুলাইৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে ইংলেণ্ডৰ মাটিত ভাৰতীয় টেষ্ট দলটোৱে ইতিমধ্যে স্থগিত হৈ থকা পঞ্চম টেষ্টখন খেলিব । ইয়াৰ পূৰ্বে আজিৰ পৰা ইংলেণ্ডৰ কাউণ্ট্ৰি ক্ৰিকেট ক্লাৱ লিচেষ্টাৰশায়াৰৰ বিৰুদ্ধে চাৰিদিনীয়া ৱাৰ্ম-আপ মেচত ভাগ ল’ব ভাৰতে ।

এই মেচখনতে লিচেষ্টাৰশায়াৰৰ হৈ অংশ ল’ব পূজাৰা, পণ্টকে ধৰি এই চাৰি ক্ৰিকেটাৰে । অনুশীলনৰ বাবেই ইংলেণ্ডৰ কাউণ্ট্ৰি ক্ৰিকেট ক্লাব লিচেষ্টাৰশায়াৰ দলত চেতেশ্বৰ পূজাৰা, ঋষভ পণ্ট, যশপ্ৰীত বুমৰাহ আৰু প্ৰসিদ্ধ কৃষ্ণক অন্তৰ্ভুক্ত কৰা হৈছে ।

কাউণ্ট্ৰি দলটোৰ অধিনায়ক ছেম ইভান্সৰ নেতৃত্বত ভাৰতীয় দলৰ সতীৰ্থসকলৰ বিৰুদ্ধেই অৱতীৰ্ণ হ’ব এই চাৰি তাৰকা । ক্লাবটোত ভাৰতীয় ক্ৰিকেট দলৰ এই চাৰিজন ক্ৰিকেটাৰ অন্তৰ্ভুক্ত কৰা সন্দৰ্ভত ইংলেণ্ডৰ ক্লাবটোৱে এক বিবৃতি প্ৰকাশ কৰিছে ।

এই বিবৃতিত তেওঁলোকে কৈছে- “ভাৰতৰ ছুপাৰষ্টাৰ চেতেশ্বৰ পূজাৰা, ঋষভ পণ্ট, যশপ্ৰীত বুমৰাহ আৰু প্ৰসিদ্ধ কৃষ্ণই ছেম ইভান্সৰ নেতৃত্বত লিচেষ্টাৰশায়াৰ দলৰ সৈতে সংযুক্ত হ’ব । এলচিচিচি, বিচিচিআই আৰু ইচিবিয়ে ভ্ৰমণকাৰী ভাৰতীয় দলটোৰ চাৰিজন খেলুৱৈক কাউণ্টি দলটোৰ অংশ হিচাপে ভাগ ল’বলৈ অনুমতি দিছে ।”

উল্লেখ্য যে, ভাৰতীয় টেষ্ট দলৰ নৱনিযুক্ত অধিনায়ক ৰোহিত শৰ্মাই লিচেষ্টাৰশায়াৰৰ বিৰুদ্ধে ৱাৰ্ম-আপ মেচখনত ভাৰতীয় দলটোক নেতৃত্ব দিব । ঋষভ পণ্টৰ অনুপস্থিতিত কে এছ ভৰতে ভাৰতীয় দলৰ উইকেট কীপাৰৰ ভূমিকা পালন কৰিব ।

ৱাৰ্ম আপ মেচৰ বাবে ঘোষিত ভাৰতীয় দলটো হ’ল– ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গিল, বিৰাট কোহলি, শ্ৰেয়াস আয়াৰ, হনুমা বিহাৰী, কে এছ ভৰত, ৰবীন্দ্ৰ জাদেজা, শাৰ্দুল ঠাকুৰ, মহম্মদ ছামী, মহম্মদ চিৰাজ আৰু উমেশ যাদৱ ।

আনহাতে লিচেষ্টাৰশায়াৰ ক্লাবৰ বাবে ঘোষিত দলটো হ’ল– ছেম ইভান্স (অধিনায়ক), ৰেহান আহমেদ, ছেম বেটছ, নাট বাউলি, উইল ডেভিছ, জোই এভিচন, লুই কিম্বাৰ, আবি চাকান্দে, ৰোমান ৱাকাৰ, চেতেশ্বৰ পূজাৰা, ঋষভ পণ্ট, যশপ্ৰীত বুমৰাহ আৰু প্ৰসিদ্ধ কৃষ্ণ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nine − four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments