সমৰকলাৰ জৰিয়তে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিলে টিয়কৰ নৱজিত কৈৰীয়ে। ইণ্টাৰনেচনেল ফেডাৰেচন অব্ মুৱাথাই এচ’ছিয়েশ্বন চমুকৈ IFMA ৰ খান ছেমিনাৰৰ চূড়ান্ত পৰীক্ষাত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ১৩ নং স্থান দখল কৰিবলৈ সক্ষম হৈছে নৱজীতে।
বৰ্তমানলৈকে কেইবাটাও ৰাষ্ট্ৰীয় সন্মান অৰ্জন কৰিবলৈ সক্ষম হোৱা নৱজিত কৈৰীয়ে বিগত ছয় বছৰ ধৰি টীয়কৰ বাগান খেলপথাৰত ব্যক্তিগত প্ৰচেষ্টাৰে এখন সমৰকলাৰ বিদ্যালয় স্থাপন কৰি নিজেই প্ৰশিক্ষণ প্ৰদান কৰি আহিছে।
নৱজিত কৈৰীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰা এই সফলতাই টীয়কবাসীক গৌৰৱান্বিত কৰি তুলিছে। সমৰকলাৰ ক্ষেত্ৰত যাতে নৱজিত আৰু বহু দূৰ আগবাঢ়ি যাব পাৰে তাৰ বাবে শুভেচ্ছা জনাইছে।