Monday, October 3, 2022
HomeMiscellaneousটুনলাই নাৰ্জাৰী... আকাংক্ষিত বাটেৰে প্ৰত্যয়ৰ খোজ

টুনলাই নাৰ্জাৰী… আকাংক্ষিত বাটেৰে প্ৰত্যয়ৰ খোজ

✍️ পূৰ্ণানন্দ নেওগ

কেইমাহমান আগতে অলিম্পিয়াৰ পাততে প্ৰকাশ হৈছিল টুনলাই নাৰ্জাৰীৰ কথা। তেতিয়ালৈকে হয়তো টুনলাইৰ নাম বহুতে শুনাই নাছিল। চতুৰ্থ অসম পুলিচ বেটেলিয়নৰ চৰকাৰী বাসগৃহত যেতিয়া লগ কৰিবলৈ গৈছিলো এমোকোৰা হাঁহিৰে আমাক স্বাগতম জনাইছিল টুনলাই নাৰ্জাৰীয়ে। তেতিয়ালৈকে টুনলাই সম্পৰ্কে আমাৰো বিশেষ ধাৰণা নাছিল। এখন অমায়িক মুখ। সপোনৰ আলোকেৰে উজলি উঠা এযুৰি চকু। প্ৰথম দৃষ্টিত ইয়াতকৈ বেছি একো অনুমান কৰিব পৰা নাছিলো। আমি শুনিব খুজিছিলো তেওঁৰ মুখেৰে তেওঁৰ খেলুৱৈ জীৱনৰ সবিশেষ। লাহে লাহে উদ্ভাসিত হৈছিল অমায়িক মুখৰ আঁৰৰ সাহসী বজ্ৰকঠোৰ টুনলাইজনী।

অসমৰ প্ৰায়বোৰ কৃতিমান খেলুৱৈৰ দৰেই টুনলাইৰো আছিল এক সংগ্ৰামী জীৱন। অলেখ সংগ্ৰামৰ মাজত দীপ্তিমান এটি তৰা হৈ উজলি উঠিবলৈ যদি কিবা আছিল, সেয়া আছিল ছোৱালীজনীৰ ক্ৰীড়া প্ৰতিভা। সৰুতে ভাবিছিল দৌৰিব তাই। কিন্তু টুনলাইৰ সেই ইচ্ছাই লাভ নকৰিলে সঠিক গতিপথ। আঁঠুত পোৱা আঘাত দৌৰাৰ বাটত থিয় হ’ল বাধাৰ প্ৰাচীৰ ৰূপে। অৱশ্যে ব্যক্তিৰ সামৰ্থ্য আৰু প্ৰতিভাই সদায় বিচাৰি পায় আকাংক্ষিত হাজাৰটা বাট। টুনলাইয়েও বিচাৰি পাইছিল সম্ভাৱনাৰ আন এটা বাট।

এযোৰ জোতাৰ কাহিনী ঃ  কোকৰাঝাৰৰ ঘিলাগুৰিৰ এটা দৰিদ্ৰ কৃষকৰ পৰিয়াল। সোমেশ্বৰ নাৰ্জাৰী আৰু মানক নাৰ্জাৰীৰ কন্যা টুনলাই। টুনলাইৰ ককায়েকৰ এযোৰহে জোতা। সৰুতে খেলিবলৈ ওলাই গ’লে ককায়েকৰ জোতাযোৰকেই পিন্ধি গৈছিল তাই। ককায়েকেও একো কোৱা নাছিল। দেখিছিল ভনীয়েকৰ খেলৰ প্ৰতি থকা আগ্ৰহখিনি। বুজিছিল ভনীয়েকৰ দুচকুৰ আঁৰৰ তিৰবিৰণিখিনি। টুনলাইৰ প্ৰতিটো প্ৰত্যাহ্বানৰ আঁৰত সাহস হৈ থিয় দিছিল ককায়েক।

সপোন গঢ়াৰ কৰ্মশালাত টুনলাই ঃ

এদিন সময় আহিছিল স্কুলৰ পথাৰৰ পৰা ক্ৰীড়াৰ সুবিশাল পথাৰখনত ভৰি দিয়াৰ। স্কুলত পঢ়ি থকা সময়ত প্ৰতিবছৰে শ্ৰেষ্ঠ খেলুৱৈ হৈছিল টুনলাই। ককায়েকে ধৰা পেলাইছিল খেলুৱৈ টুনলাইজনীক। ২০০৭ চন। সেই বছৰতেই টুনলাইক নামভৰ্তি কৰোৱা হৈছিল ক্ৰীড়া প্ৰতিভা বিকাশৰ অন্যতম পীঠস্থান ছাইত (অসমৰ প্ৰতিখন ছায়েই আচলতে ৰাজ্যখনত ক্ৰীড়াৰ এক উৎসাহজনক পৰিবেশ গঢ়াৰ ক্ষেত্ৰত সিংহভাগ কৃতিত্ব দাবী কৰিব পাৰে)। ছাই কোকৰাঝাৰত প্ৰৱেশ কৰি প্ৰথম অৱস্থাত দৌৰৰ প্ৰশিক্ষণ লৈছিল টুনলায়ে। ইতিমধ্যেই উল্লেখ কৰি অহা হৈছে যে আঁঠুৰ আঘাতে কিদৰে টুনলাইৰ Îট্ৰকৰ সপোন ভাঙি চূৰমাৰ কৰিছিল। কিন্তু তেতিয়াও সম্ভাৱনাৰ আন এখন দুৱাৰ খোলা আছিল। প্ৰশিক্ষক তপন ৰয়ৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাই টুনলাইক সন্ধান দিলে অন্য এক বাটৰ। শ্বটপুট।

টুনলাইৰ কৃতিত্ব ঃ

শাৰীৰিক গঠনৰ ফালৰ পৰাও শ্বটপুটত অধিক সফলতা লাভ কৰিব পাৰিব বুলি বিশ্বাস আছিল প্ৰশিক্ষক ৰয়ৰ। ৰয়ৰ সেই বিশ্বাসৰ মান ৰাখিলে টুনালায়ে।

ৰাজ্যিক শ্বটপুটত স্বৰ্ণজয়েৰে সাফল্যৰ যাত্ৰা আৰম্ভ কৰিলে টুনলায়ে। ২০০৯ চনত অনূৰ্ধ্ব-১৬ বছৰৰ অল ইণ্ডিয়া ইণ্টাৰ ৰিজনেল এথলেটিক্‌ছ চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰে। ২০১০ চনত সদৌ অসম আন্তঃজিলা স্কুল এথলেটিক্‌ছ ডিছকাছ আৰু শ্বটপুট দুয়োটা শাখাতে সোণৰ পদক লাভ। ইয়াৰ পিছতো পদক লাভ কৰা প্ৰতিযোগিতাৰ তালিকাখন যথেষ্ট দীঘল। উল্লেখযোগ্য কেইখনমানৰ নাম ল’ব বিচাৰিলে ল’ব লাগিব ২৯সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিক্‌ছ চেম্পিয়নশ্বিপ, ২৫সংখ্যক ইষ্ট জ’ন জুনিয়ৰ এথলেটিক্‌ছ চেম্পিয়নশ্বিপ, ২৫সংখ্যক ৰাষ্ট্ৰীয় ইণ্টাৰ জ’নেল জুনিয়ৰ এথলেটিক্‌ছ, দ্বিতীয় দক্ষিণ এছিয়া জুনিয়ৰ চেম্পিয়নশ্বিপ আদি প্ৰতিযোগিতাসূহৰ। ২০১৮ বছৰটো টুনলাইৰ জীৱনৰ এটা উল্লেখযোগ্য বছৰ। ২০১৮তেই তেওঁ তিনিখনকৈ প্ৰতিযোগিতাত ভাগ লৈ পদক জিনিবলৈ সক্ষম হৈছে। পঁচিশৰ পৰা আঠাইশ ছেপ্টেম্বৰলৈ ভুবনেশ্বৰত অনুষ্ঠিত ৫৮সংখ্যক ৰাষ্ট্ৰীয় অ’পেন এথলেটিক্‌ছ চেম্পিয়নশ্বিপত ৰূপৰ পদক, অক্টোবৰত ইম্ফলত অনুষ্ঠিত সৰ্বপ্ৰথম উত্তৰ-পূব অলিম্পিকত স্বৰ্ণ আৰু ২০১৮ বছৰটোৰ শেষাৰ্ধত নতুন দিল্লীত অনুষ্ঠিত ৬৭সংখ্যক পুলিচ এথলেটিক্‌ছ চেম্পিয়নশ্বিপত স্বৰ্ণ জয়েৰে টুনলাইৰ বছৰটোৰ এক সুন্দৰ পৰিসমাপ্তি ঘটিল।

২০১৯। নতুন বছৰ নতুন কৃতিত্ব ঃ ২০১৯ চনৰ জুলাই মাহ। এই মাহটোৰ আধাতকৈ বেছিদিন সমগ্ৰ দেশতে চৰ্চা হৈছে কেৱল এটা নাম— হিমা দাস। তিনিটা সপ্তাহৰ ভিতৰত ৫টাকৈ সোণ। Îট্ৰকলৈ যেন ধুমুহা নমাই আনিছে হিমাই। কেউফালে হিমাৰ চৰ্চাৰে মুখৰিত হৈ থকাৰ পৰত বিদেশৰ পৰা আন এটা ভাল খবৰ কঢ়িয়াই আনিলে টুনলায়ে। কাজাখ্‌স্তান আৰু কাৰ্গিস্থানত অনুষ্ঠিত ২২সংখ্যক টাটয়ানা কালপাৰ্কভা মেম’ৰিয়েল ইণ্টাৰনেচনেল এথলেটিক্‌ছ ক’ৰ্টত স্বৰ্ণ জয় কৰিলে টুনলায়ে। ১৩.৮৩ মিটাৰ দলিয়াই এই কৃতিত্ব অৰ্জন কৰিলে টুনলায়ে। পুনৰবাৰ গৌৰৱ কৰাৰ সুযোগ লাভ কৰিলোঁ আমি। আশাকৰোঁ টুনলাইৰ সাফল্যৰ এই যাত্ৰা অব্যাহত থাকক।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

seventeen − 7 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments