Wednesday, July 6, 2022
HomeNewsটেবুল টেনিছত ৰাষ্ট্ৰীয় চেম্পিয়নৰ খিতাপ প্ৰিয়ানুজ ভট্টাচাৰ্যৰ

টেবুল টেনিছত ৰাষ্ট্ৰীয় চেম্পিয়নৰ খিতাপ প্ৰিয়ানুজ ভট্টাচাৰ্যৰ

টেবুল টেনিছত ৰাষ্ট্ৰীয় চেম্পিয়নৰ খিতাপ প্ৰিয়ানুজ ভট্টাচাৰ্যৰ

অলিম্পিয়া প্ৰতিবেদন: মধ্যপ্ৰদেশৰ ইন্দোৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় টেবুল টেনিছ চেম্পিয়নশ্বিপত খিতাপ জয় কৰিলে অসমৰ প্ৰিয়ানুজ ভট্টাচাৰ্যই ৷ যোৱা ২৬ মে’ৰ পৰা আৰম্ভ হৈছিল ৮৩ সংখ্যক কেডেট আৰু ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় টেবুল টেনিছ চেম্পিয়নশ্বিপ ।

আৰু অধিক পঢ়ক

বুধবাৰে অসমৰ প্ৰিয়ানুজে ১৫ বছৰ অনূৰ্দ্ধ ছাব জুনিয়ৰ ল’ৰাৰ শাখাত চূড়ান্ত বিজয়ী হয় ৷ ছিংগলছৰ ফাইনেলত প্ৰিয়ানুজ ভট্টাচাৰ্যই হিমাচল প্ৰদেশৰ নমন ভাটনাগৰক ৪-২ ব্যৱধানত পৰাস্ত কৰি এই সন্মান অৰ্জন কৰে ৷ ল’ৰাৰ ছিংগলছ ছাব জুনিয়ৰ শাখাত ১০ বছৰৰ ব্যৱধানত অসমৰ পৰা কোনো এগৰাকী পেডলাৰে চেম্পিয়নৰ খিতাপ অৰ্জন কৰিলে ৷

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

২০১২ বৰ্ষত অন্তিম বাৰৰ বাবে ছাব জুনিয়ৰ শাখাত ৰাষ্ট্ৰীয় চেম্পিয়ন হৈছিল অসমৰ বাৰ্ডি বড়ো ৷ প্ৰিয়ানুজে নতুন ৰাষ্ট্ৰীয় চেম্পিয়ন হোৱাত অসম টেবুল টেনিছৰ বাবে এক নতুন উল্লাসৰ সৃষ্টি হৈছে ৷ ইয়াৰ যোগেদি নিশ্চয়কৈ ৰাজ্যখনৰ সকলো খেলুৱৈকে উৎসাহিত কৰিব ৷

এই সাফল্য অৰ্জন কৰাৰ বাবে প্ৰিয়ানুজ ভট্টাচাৰ্যক অসম টেবুল টেনিছ সন্থাৰ সভাপতি পীয়ুষ হাজৰিকা, সম্পাদক ত্ৰিদিব দুৱৰাকে ধৰি সকলো কৰ্যনিৰ্বাহক সদস্যই অভিনন্দন জ্ঞাপন কৰিছে ৷ উল্লেখ্য যে প্ৰিয়ানুজ হ’ল গুৱাহাটীৰ নিৱাসী অসমৰ বাস্কেটবল প্ৰশিক্ষক ভৱজ্যোতি ভট্টাচাৰ্য আৰু দীপশিখা দত্ত ভট্টাচাৰ্যৰ জ্যেষ্ঠ পুত্ৰ ৷

প্ৰিয়ানুজে তিনি বছৰৰ পৰাই টেবুল টেনিছৰ  প্ৰাথমিক প্ৰশিক্ষণ আৰম্ভ কৰে

২০০৮ বৰ্ষত জন্মগ্ৰহণ কৰা প্ৰিয়ানুজে তিনি বছৰৰ পৰাই টেবুল টেনিছৰ বেট হাতত লৈ প্ৰাথমিক প্ৰশিক্ষণ আৰম্ভ কৰে ৷ ২০১১-১২ বৰ্ষতে গুৱাহাটীৰ এবিটা ইনড’ৰ ষ্টেডিয়ামত প্ৰশিক্ষক গোবিন্দ উপাধ্যায়ৰ অধীনত টেবুল টেনিছৰ আদিপাঠ গ্ৰহণ কৰা প্ৰিয়ানুজে ২০১৫-১৬ বৰ্ষত দিছপুৰৰ নগেন হাজৰিকা টেবুল টেনিছ ফাউণ্ডেচনত মানস দাসৰ তত্ত্বাৱধানত উন্নত প্ৰশিক্ষণ আৰম্ভ কৰে আৰু সেই সময়তে নগাঁৱত অনুষ্ঠিত সদৌ অসম ৰেংকিং চেম্পিয়নশ্বিপত খিতাপ দখল কৰে ৷

ক্ৰমাগতভাৱে উন্নত প্ৰদৰ্শন আগবঢ়োৱাৰ বাবে তেওঁ পেট্ৰলিয়াম স্পৰ্টছ প্ৰমোচন বৰ্ড অৰ্থাৎ পি এছ পি বিৰ প্ৰশিক্ষাৰ্থী ৰূপে নিৰ্বাচিত হয় আৰু ৰাজস্থানৰ আজমীৰত আৱাসিক হিচাপে প্ৰশিক্ষণ গ্ৰহণ কৰে ৷ ২০১৭ বৰ্ষত তেওঁ ভাৰতৰ শীৰ্ষ ৰেংকিং লাভ কৰে ৷ ইয়াৰ পাছতে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনৰ খেলো ইণ্ডিয়া কাৰ্যসূচীৰ আধাৰত নতুন দিল্লীত প্ৰতিষ্ঠা কৰা টেবুল টেনিছ ফাউণ্ডেচন একাডেমীত ভৰ্তি হয় ৷

বৰ্তমান তাতে তেওঁ দেশৰ আগশাৰীৰ প্ৰশিক্ষক ৰবি আচাৰীয়া আৰু জিনেন্দৰ জৈনৰ অধীনত দিল্লীৰ স্বৰূপ নগৰৰ একাডেমীত আছে ৷ নৱম শ্ৰেণীৰ ছাত্ৰ প্ৰিয়ানুজে চলিত বৰ্ষতে অষ্ট্ৰিয়াত অনুষ্ঠিত বিশ্ব টেবুল টেনিছ চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰি কোৱাৰ্টাৰ ফাইনেল পৰ্যন্ত খেলে ৷ ইফালে মালদ্বীপত অনুষ্ঠিত দক্ষিণ এছিয় টেবুল টেনিছ টেম্পিয়নশ্বিপৰ দলীয় শাখাত চেম্পিয়নৰ সন্মান অৰ্জন কৰা ভাৰতীয় দলৰ তেওঁ আছিল অন্যতম পেডলাৰ ৷ অলিম্পিয়া স্পৰ্টছৰ তৰফৰ পৰা প্ৰিয়ানুজলৈ থাকিল অজস্ৰ শুভকামনা ৷ ভৱিষ্যতৰ দিনত প্ৰিয়ানুজে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় স্তৰত উজলি উঠাৰ বাবে থাকিল শুভেচ্ছা ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments