Thursday, July 7, 2022
HomeNewsটেবুল টেনিছ, কাৰাটেৰ বাতৰি

টেবুল টেনিছ, কাৰাটেৰ বাতৰি

ৰাষ্ট্ৰীয় কেডেট, ছাব জুনিয়ৰ টেবুল টেনিছত অসমৰ বৃহৎ দল

অলিম্পিয়া প্ৰতিবেদন: মধ্যপ্ৰদেশৰ ইন্দোৰত অহা ২৬ মে’ৰ পৰা ১ জুনলৈ অনুষ্ঠিত হ’ব ৮৩ সংখ্যক ৰাষ্ট্ৰীয় কেডেট আৰু ছাব জুনিয়ৰ টেবুল টেনিছ টুৰ্ণামেণ্ট ৷ এই প্ৰতিযোগিতাত প্ৰশিক্ষক বিমান ভাগৱতী আৰু মেনেজাৰ প্ৰশান্ত দত্তৰ নেতৃত্বত অসমৰ এক শক্তিশালী দলে অংশগ্ৰহণ কৰিব ৷

অসম টেবুল টেনিছ সন্থাৰ সম্পাদক ত্ৰিদিব দুৱৰাই এক বিজ্ঞপ্তিযোগে জনোৱা অনুসৰি অসম দলৰ খেলুৱৈসকল হ’ল– ১৫ বছৰ অনূৰ্দ্ধ ছাব জুনিয়ৰ ল’ৰা – প্ৰিয়ানুজ ভট্টাচাৰ্য, দিব্যজ ৰাজখোৱা ৰয়, আয়ান আজিজ, স্বপ্ননীল দত্ত, সামৰ্থ মোডী, অভিক কাশ্যপ; ১৫ বছৰ অনৰ্দ্ধ ছাব জুনিয়ৰ ছোৱালী – ভূমিকা কৌশিক, ধনিস্তা শইকীয়া, ভাৱনা কাশ্যপ, গাৰ্গী শইকীয়া; ১৩ বছৰ অনূৰ্ দ্ধকেডেট ল’ৰা– স্বপ্ননীল দত্ত, সামৰ্থ মোডী, আদিত্য এ বৰা, ফাহিম এন এইচ বৰা; ১৫ বছৰ অনূৰ্দ্ধ কেডেট ছোৱালী– ধনিস্তা শইকীয়া, গাৰ্গী শইকীয়া, ছায়াশ্ৰী কাকতি, দেৱীকা বৰ্মন; ১১ বছৰ অনূৰ্দ্ধ হোপছ ল’ৰা– অভিক্ষিৎ চাংমাই, আৰোহন দুৱৰা; ১১ বছৰ অনূৰ্দ্ধ হোপছ ছোৱালী– আয়াত ৰহমান আৰু অক্ষীতা ৰয় । অসম টেবুল টেনিছ সন্থাৰ সভাপতি তথা মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু সম্পাদক ত্ৰিদিব দুৱৰাসহ ৰাজ্যিক সন্থাৰ সকলো বিষয়ববীয়াই অসম দলৰ খেলুৱৈসকলৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰিছে ৷

কেৰালাৰ ৰাষ্ট্ৰীয় কাৰাটেত খেলিব গুৱাহাটীৰ স্কুল অৱ কাৰাটে ডোৰ ৭ খেলুৱৈয়ে

অলিম্পিয়া প্ৰতিবেদন: কেৰালাৰ কালপেটা নামৰ ঠাইত অহা ২৮-২৯ মে’ত অনুষ্ঠিত হ’ব কেনিৰিঅ’ ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতা ৷ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ যোগ্যতা অৰ্জন কৰিছে গুৱাহাটী, জোতিকুছিত অৱস্থিত স্কুল অৱ কাৰাটে ডো, অসমৰ ৭ গৰাকী খেলুৱৈয়ে ৷

ইয়াৰ পূৰ্বে ৰাজ্যিক পৰ্যায়ত আয়োজিত প্ৰতিযোগিতাৰ ফলাফলৰ ভিত্তিত এই ৭ গৰাকী কাৰাটেকাক বাছনি কৰা হৈছে ৷ কেৰালাৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত খেলুৱৈসকল হ’ল – ল’ৰাৰ শাখাত – প্ৰিয়াংশু চৌধুৰী, অভিষেক শৰ্মা, নাক্স পাল, কৃষ্ণকমল পাঠক; ছোৱালী শাখাত -তৃষ্ণা ডেকা, অংশুমিতা নাথ আৰু সুস্মিতা বড়ো ৷ ইয়াৰে প্ৰিয়াংশু চৌধুৰীয়ে ২০১৯ বৰ্ষত ক্ৰৱেছিয়াত অনুষ্ঠিত বিশ্ব কাৰাটে ফেডাৰেচনৰ দ্বাদশ বিশ্ব যুৱ কাপ কাৰাটে চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ হৈ প্ৰতিনিধিত্ব কৰিছিল ৷

নিৰ্বাচিত খেলুৱৈসকলৰ কঠোৰ অনুশীলন ইতিমধ্যে অব্যাহত আছে ৷ তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰিছে পঞ্চম ডান ব্লেক বেল্ট ডিগ্ৰীধাৰী ধন ৰয়ে ৷ মুখ্য প্ৰশিক্ষক ৰয়ৰ নেতৃত্বত অসম দলে অহা ২৬ মে’ত গুৱাহাটীৰ পৰা বিমানযোগে ৰাওনা হ’ব ৷ এই দলটোক স্থানীয় বিভিন্ন দল-সংগঠনে শুভেচ্ছা জ্ঞাপন কৰিছে ৷ ক্ৰীড়াপ্ৰেমীৰ আশা– অসমৰ এই উদীয়মান কাৰাটেকাসকল ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলি উঠি ৰাজ্যখনৰ সন্মান বৃদ্ধি কৰক ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

11 + 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments