Monday, July 4, 2022
HomeNewsটেষ্টত ১০,০০০ ৰাণ সম্পূৰ্ণ কৰিব নোৱাৰাৰ আক্ষেপ ছেহৱাগ

টেষ্টত ১০,০০০ ৰাণ সম্পূৰ্ণ কৰিব নোৱাৰাৰ আক্ষেপ ছেহৱাগ

টেষ্টত ১০,০০০ ৰাণ সম্পূৰ্ণ কৰিব নোৱাৰাৰ আক্ষেপ ছেহৱাগ

অলিম্পিয়া প্ৰতিবেদন: বিস্ফোৰক অ’পেনাৰ হিচাপে বিশ্বৰ ক্ৰিকেট ইতিহাসত যিসকলৰ নাম সন্নিবিষ্ট তেওঁলোকৰ মাজৰ এজন ভাৰতৰ বীৰেন্দ্ৰ ছেহৱাগ ৷ ভাৰতৰ টেষ্ট ক্ৰিকেটৰ ইতিহাসত ত্ৰিশতক অৰ্জন কৰা প্ৰথমজন খেলুৱৈ তেওঁ ৷ কেৰিয়াৰত ১০৪ খন টেষ্টৰ পৰা ছেহৱাগৰ সংগ্ৰহ ৮ হেজাৰ ৫৮৬ ৰাণ ৷

গড়ে ৪৯.৩৪ কৈ ৷ ২৩ টাকৈ শতৰাণ ৷ লগতে আছে দুটাকৈ ত্ৰিশতকীয় ইনিংছ (পাকিস্তান আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে) ৷ কেৱল টেষ্টেই নহয়, এদিনীয়া আৰু টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটতো ইৰ্ষণীয় প্ৰদৰ্শন দাঙি ধৰা এই গৰাকী তাৰকাৰ কিন্তু থাকি গ’ল বহু আক্ষেপ ৷ বিশেষকৈ টেষ্ট ক্ৰিকেটত ১০ হেজাৰ ৰাণ সম্পূৰ্ণ কৰিব নোৱাৰাটোৱে আজিও পীড়া দিয়ে ছেহৱাগক ৷

আৰু অধিক পঢ়ক

কিছুদিন পূৰ্বে দেশৰ এক আগশাৰীৰ টেলিভিছন চেনেলত দিয়া এক সাক্ষ্যাৎকাৰ এই লৈ নিজৰ মনোকষ্টৰ কথা মুকলিকৈ প্ৰকাশ কৰি কিছু আৱেগিক হৈ পৰে ‘‘নজফগড়ৰ বাদশ্বাহ’’ ৷ এইখিনিতে উল্লেখযোগ্য যে ভাৰতৰ টেষ্ট ক্ৰিকেটৰ ইতিহাসত ছেহৱাগতকৈ অধিক ৰাণ সংগ্ৰহৰ তালিকাত মাত্ৰ চাৰিজন বেটছমেনেই আছে ৷

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

তেওঁলোক হৈছে সুনীল গাভাস্কাৰ, শচীন তেণ্ডুলকাৰ, ৰাহুল দ্ৰাবিড় আৰু ভি ভি এছ লক্ষ্মণ ৷ এইসকলৰ ভিতৰত লক্ষ্মণক বাদ দি বাকী কেইজনে ১০ হেজাৰ ৰাণ সম্পূৰ্ণ কৰিছে ৷ সেহৱাগৰ মতে তেওঁক দীৰ্ঘসময় টেষ্ট দলৰ পৰা আঁতৰাই ৰখাৰ বাবেই ১০ হেজাৰ ৰাণ সম্পূৰ্ণ কৰিব নোৱাৰিলে তেওঁ ৷ এই প্ৰসংগতে তেওঁ ২০০৭ বৰ্ষৰ কথা উল্লেখ কৰে ৷ সেই সময়ত ভাৰতীয় দলৰ প্ৰশিক্ষক আছিল গ্লেগ চেপেল ৷

অধিনায়ক ৰাহুল দ্ৰাবিড়, সহ অধিনায়ক হিচাপে আছিল ছেহবাগ

কিন্তু ফৰ্মত নথকাৰ বাবে তেওঁ দলৰ পৰা বাদ পৰে ৷ ইয়াৰ পিছত ১১ মাহৰ বিৰতি ৷ সেই সময়ছোৱাতে অৱসৰ লোৱাৰ কথাও মনলৈ আহিছিল ছেহৱাগৰ ৷ কিন্তু তেণ্ডুলকাৰৰ পৰামৰ্শৰ বাবে সেই চিন্তা তেওঁ বাদ দিলে ৷ ২০০৭ ৰ ডিচেম্বৰত গৌতম গম্ভীৰৰ আঘাটৰ বাবে দললৈ আমন্ত্ৰণ লাভ কৰে ছেহবাগে ৷ সেই পৰ্যন্ত ৫২ খন টেষ্ট খেলিছিল তেওঁ ৷

প্ৰত্যাৱৰ্তনৰ সেই সুযোগ কাৰ্যকৰী কৰি দুটাকৈ ত্ৰিশতক, দ্বি শতক আৰু কেইবাটাও শতকীয় ইনিংছ খেলি কেৰিয়াৰ অধিক বৰ্ণময় কৰি তোলে তেওঁ ৷ এই সময়ছোৱাতে তেওঁৰ টেষ্টৰ বেটিং ৰেংকিঙৰ শীৰ্ষলৈ উত্থান হৈছিল ৷ ২০০৭ ত তেওঁক দীৰ্ঘদিন ধৰি দলৰ পৰা বাহিৰত ৰখাৰ বাবেই ১০ হেজাৰ ৰাণ সংগ্ৰহ কাৰীৰ তালিকাত অন্তৰ্ভূক্ত নহ’ল ছেহবাগৰ নাম ৷ সেয়া নোহোৱা হ’লে হয়তো ৰৈ নগ’লহেতেন তেওঁৰ আক্ষেপ আৰু হুমুনিয়াহবোৰ ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

19 − nineteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments