Wednesday, July 6, 2022
HomeNewsটেষ্ট ক্ৰিকেটৰ নতুন সম্ৰাট জো ৰুট 

টেষ্ট ক্ৰিকেটৰ নতুন সম্ৰাট জো ৰুট 

টেষ্ট ক্ৰিকেটৰ নতুন সম্ৰাট জো ৰুট

অলিম্পিয়াৰ প্ৰতিবেদন: অসম্ভৱ বুলি একো নাই । বিশেষকৈ ক্ৰিকেটত সকলো সম্ভৱ । কোনে কেতিয়া কাৰ ৰেকৰ্ড ভংগ কৰে অথবা কোনে কেতিয়া কি নতুন ৰেকৰ্ড সৃষ্টি কৰে, তাৰ সঠিক পূৰ্বানুমান কৰাটো এক কথাত অসম্ভৱ বুলিয়েই ক’ব পাৰি । মাত্ৰ কেইটামান দিনৰ আগলৈকে ক্ৰিকেট বিশ্ব আশ্বস্ত আছিল– অন্ততঃ মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ ৰেকৰ্ড স্পৰ্শ কৰিব পৰা আজিৰ তাৰিখলৈকে কোনো ক্ৰিকেটাৰ নাই ।

আৰু অধিক পঢ়ক

অসুৰক্ষিত শচীনৰ ১৫ হেজাৰৰ ৰেকৰ্ড

কিন্তু ক্ৰিকেট বিশ্বৰ এই ধাৰণা অমূলক বুলি প্ৰমাণ কৰিবলৈ আগবাঢ়িছে ইংলেণ্ডৰ বিস্ফোৰক বেটছমেন জো ৰুটে ।টেষ্ট ক্ৰিকেটত সৰ্বাধিক ৰাণ আছে শচীনৰ নামত । শচীনে ব্যক্তিগতভাৱে সৰ্বাধিক ১৫ হেজাৰ ৰাণ সম্পূৰ্ণ কৰি টেষ্ট ক্ৰিকেটৰ সম্ৰাটৰ আসনত আজিও অধিস্থিত হৈ আছে । ক্ৰিকেটৰ কেৰিয়াৰ সমাপ্ত কৰি’ ক্ৰিকেট ঈশ্বৰ’ হিচাপে পৰিচিত হৈ পৰা শচীনে টেষ্ট কেৰিয়াৰত গড়ে ৫৩.৭৯ ৰাণৰ সহায়ত মুঠ ১৫,৯২১ ৰাণ সংগ্ৰহ কৰিছে ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

টেষ্ট ক্ৰিকেটত এয়াই বৰ্তমানলৈকে সৰ্বাধিক ব্যক্তিগত ৰাণ । এই পৰ্বতসম ৰাণৰ লক্ষ্য শতিকালৈ অক্ষত অৱস্থাত থাকিব বুলি ধাৰণা কৰা হৈছিল যদিও ইংলেণ্ডৰ বিস্ফোৰক বেটছমেন জো ৰুটে এই লক্ষ্যত উপনীত হোৱাৰ ইংগিত বহন কৰাই নহয়, ক্ৰিকেট বিশেষজ্ঞসকলকো এই কথাত পতিয়ন নিয়াবলৈ সক্ষম হৈছে ।
শেহতীয়াকৈ জো ৰুটে ১০ হেজাৰ ৰাণৰ সীমা অতিক্ৰম কৰিছে ।

এই ১০ হেজাৰ ৰাণ সংগ্ৰহ কৰাৰ সময়তে জো ৰুটে শচীন আৰু তেওঁৰ সতীৰ্থ এলিষ্টাৰ কুকৰ ৰেকৰ্ড ভংগ কৰিছে। নিউজিলেণ্ডৰ বিৰুদ্ধে লৰ্ডছ টেষ্টত শতক অৰ্জন কৰি টেষ্ট ক্ৰিকেটত আটাইতকৈ কম সময়ত ১০,০০০ ৰাণ সম্পূৰ্ণ কৰা বেটছমেন হিচাপে পৰিগণিত হৈছে জো ৰুট ।

২০১২ চনত টেষ্ট ক্ৰিকেটত আত্মপ্ৰকাশৰ পিছত ৰুটে ১০ হেজাৰ ৰাণৰ সীমা অতিক্ৰম কৰিবলৈ সময় ললে মাত্ৰ ৯ বছৰ আৰু ১৫৬ দিন । এই সময়ছোৱাত ৰুটে নিজৰ দেশৰ এলিষ্টাৰ কুকৰ অভিলেখ ভংগ কৰিছে । কুকে ১০ হেজাৰ ৰাণ সম্পূ্ণ কৰিবলৈ সময় লৈছিল ১০ বছৰ আৰু ৮৭ দিন ।

আমোদজনক ভাৱে ৰুট আৰু কুকৰ বয়স ৩১ বছৰ ১৫৭ দিন হোৱাৰ সময়তে ১০ হাজাৰ ৰাণ সংগ্ৰহ কৰিছে । একে সময়তে আকৌ শচীন তেণ্ডুলকাৰৰ ১০ হেজাৰ ৰাণ সম্পূৰ্ণ কৰাৰ সময়ত আকৌ বয়স আছিল ৩১ বছৰ ৩২৬ দিন । শচীন আৰু জো ৰুটৰ কেৰিয়াৰৰ দিশে লক্ষ্য কৰিলে দেখা যায়– তেওঁলোক দুয়োৰে ভিতৰত কেৰিয়াৰৰ প্ৰথম ১০ বছৰত ৰুটৰ অভিলেখ শচীনতকৈ ভাল ।

ৰুটে শচীনৰ অভিলেখ ভংগ কৰাৰ যথেষ্ট সুযোগ পাব

কেৰিয়াৰৰ প্ৰথম ১০ বছৰত শচীনে মুঠ ৭৩ খন টেষ্ট মেচত ৫৬.৭১ গড়ে ৫৮৪১ ৰাণ সংগ্ৰহ কৰিছিল । একে সময়তে, ৰুটে কেৰিয়াৰৰ প্ৰথম ১০ বছৰত ১১৮ খন টেষ্ট মেচ খেলি ৪৯.৫৮ গড়ে ১০,০১৫ ৰাণ সংগ্ৰহ কৰিছে । আনহাতে যোৱা পাঁচ বছৰত আকৌ ৰুটে গড়ে ৪৭ কৈ মুঠ ৫,৪২১ ৰাণ সংগ্ৰহ কৰিছে ।

বৰ্তমান জো ৰুটৰ বয়স ৩১ বছৰ । শচীনে কেৰিয়াৰত ৪০ বছৰতকৈ অধিক বয়সত তেওঁৰ অন্তিম খন টেষ্ট খেলিছিল । যদিহে জো ৰুটেও শচীনৰ দৰে দীঘলীয়া সময়ৰ বাবে খেলপথাৰত থাকিব পাৰে, ক্ৰিজত আজিৰ দৰেই বেটিং পৰাক্ৰম অব্যাহত ৰাখিব পাৰে তেন্তে তেওঁ কেৱল শচীনৰ পৰ্বতসম অভিলেখেই নহয়, শচীনক অতিক্ৰম কৰি আন এক অভিলেখৰ পৰ্বত স্থিৰ কৰিবলৈ সক্ষম হ’ব পাৰে ।

শচীনে তেওঁৰ কেৰিয়াৰৰ অন্তিম ৯ বছৰত ৯০ খন খেলত ৬,৯৫৭ ৰাণ সংগ্ৰহ কৰিছিল । এই সময়ছোৱাত তেওঁৰ গড় ৰাণ আছিল ৫১.৫২ । যদি ৰুটেও দীঘলীয়া সময়ৰ বাবে খেলে আৰু পৰৱৰ্তী ৯০ খন মেচত এনে প্ৰদৰ্শনৰ পুনৰাবৃত্তি কৰে তেন্তে তেওঁ অতি সহজে শচীনক অতিক্ৰম কৰাটো এক প্ৰকাৰে নিশ্চিত হৈছে ।
মন কৰিবলগীয়া যে, ইংলেণ্ডে প্ৰতি বছৰে ভাৰততকৈ বহুত বেছি টেষ্ট মেচ খেলে ।

এনে পৰিস্থিতিত,  শচীন আৰু ৰুটৰ কেৰিয়াৰৰ প্ৰথম ১০ বছৰক যদি আমি তুলনা কৰো তেন্তে ৰুটে শচীনতকৈ ৪৫ খন টেষ্ট অধিক খেলিছে ।যোৱা ১০ বছৰত, ইংলেণ্ডে ১২৬ খন টেষ্ট মেচ খেলিছে আৰু যোৱা ৫ বছৰত খেলিছে ৬৬ খন টেষ্ট । বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ আগমনৰ পিছত, প্ৰতি বছৰে টেষ্ট শৃংখলা অধিক হ’বলৈ আৰম্ভ কৰিছে । এনে পৰিস্থিতিত, যদি ৰুটে আৰু প্ৰায় ৬ ৰ পৰা ৭ বছৰ টেষ্ট খেলে তেন্তে তেওঁ শচীনৰ ২০০ খন টেষ্ট খেলাৰো অভিলেখ ভংগ কৰাৰ লগতে সৰ্বাধিক ৰাণৰ অভিলেখ ভংগ কৰাৰ পূৰ্ণ সুযোগ লাভ কৰিব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eleven − ten =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments