টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবে লটাৰীৰ জড়িয়তে নিৰ্বাচিত কৰিব দৰ্শক

কৰ’নাৰ সংক্ৰমণৰ ভয়াবহ পৰিস্থিতিৰ মাজতে ১৮জুনৰ পৰা ইংলেণ্ডৰ ছাউদাম্পটন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল। ভাৰতৰ দৰে ইংলেণ্ডৰো কৰ’নাসৃষ্ট পৰিবেশ উদ্বেগজনক। এনে পৰিবেশ, পৰিস্থিতিৰ মাজতে অনুষ্ঠিত কৰা হ’ব টেষ্ট চেম্পিয়নশ্বিপখনৰ ফাইনেল। জানিব পৰা মতে সীমিত সংখ্যক দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত কৰিব ফাইনেল খন। এইবাৰ আই চি চি য়ে ঘোষণা কৰিছে যে যিসকল দৰ্শকে মেচ উপভোগ কৰিব তেওঁলোকে টিকট সংগ্ৰহ কৰিব লাগিব বেলটৰ মাধ্যমত। এই বেলট পদ্ধতি প্ৰায় লটাৰীৰ দৰেই। খেল উপভোগ কৰিবলৈ, টিকট সংগ্ৰহৰ বাবে অনলাইন আৱেদন কৰিব লাগিব। যিসকল ব্যক্তিৰ আবেদন গৃহীত হ’ব তেওঁলোকে হে টিকট ক্ৰয় কৰিব পাৰিব। অৱশ্যে এই সুবিধা কেৱল ইংলেণ্ডৰ দৰ্শকৰ বাবাহে। বিদেশী দৰ্শকে খেল উপভোগৰ বাবে আবেদন কৰিব নোৱাৰিব।

উল্লেখ্য যে ১৮ জুনৰ পৰা অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনৰ বাবে ভাৰতীয় দলটোৰ লগতে নিউজিলেণ্ড দলটোৱে আই পি এল সমাপ্ত হোৱাৰ পিছতে একেখন বিমানতে ইংলেণ্ড অভিমুখে ৰাওনা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *