বিশেষ প্ৰতিবেদন
এখন বিশেষ গাওঁ আৰু গাঁওখনৰ এজন বিশেষ যুৱক। গাওঁখনৰ এদল তৰুণ খেলুৱৈয়ে ঠাইৰ অভাৱত ৰেলৱে’ ষ্টেচনৰ প্লেটফৰ্মত বক্সিঙৰ অনুশীলন কৰাৰ লগতে তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰিছে এজন বিশেষ যুৱকে।
শোণিতপুৰ জিলাৰ বেলশিৰি নামৰ এখন ভিতৰুৱা গাঁৱৰ পৰিৱেশ এয়া। এক কথাত গাওঁখনত ক্ৰীড়া বিপ্লৱৰ সূচনা হৈছে বুলি ক’লেও ভুল কোৱা নহ’ব। ইতিমধ্যে এই ভিতৰুৱা গাঁৱৰ পৰাই সৃষ্টি হৈছে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বক্সাৰ যমুনা বড়োৱে। এই যমুনা বড়োকেই এসময়ত খেল পথাৰলৈ উলিয়াই অনা জনছস্মিত নাৰ্জাৰী নামৰ যুৱক জনেই এতিয়া পুনৰ দ্বিতীয় এগৰাকী যমুনা বড়ো সৃষ্টিৰ বাবে অহৰহ প্ৰচেষ্টা চলাইছে। গাওঁখনত তৰুণ ক্ৰীড়া প্ৰতিভা সৃষ্টিৰ বাবে অনুশীলন আৰু প্ৰশিক্ষণৰ বাবে উপযুক্ত ঠাই নাই যদিও জনছস্মিত নাৰ্জাৰীয়ে হাৰ মনা নাই। ষ্টেচনৰ প্লেটফৰ্মতে তৰুণ খেলুৱৈসকলক লৈ পুৱা গধূলি চলাই আছে অনুশীলন।

গাওঁখনৰ প্ৰায় ৩০ গৰাকী তৰুণ খেলুৱৈক ৰে’লৱে প্লেটফৰ্মত বক্সিঙৰ প্ৰশিক্ষণ প্ৰদান কৰা জনছস্মিতে নিজেই প্ৰথমে উশ্বুৰ জৰিয়তে সমৰকলাৰ লগত পৰিচিত হৈছিল যদিও তেওঁ পিছলৈ বক্সিঙৰ লগত জড়িত হৈ পৰে। ২০০৫ চনৰ পৰা উশ্বু শিকিবলৈ লোৱা জনছস্মিতে ২০০৬ চনত বেলশিৰিৰ দৰে ভিতৰুৱা গাঁৱত আৰম্ভ কৰিছিল এটা উশ্বুৰ ক্লাব। এই উশ্বু ক্লাবৰে প্ৰথম সদস্য আছিল বৰ্তমানৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বক্সাৰ যমুনা বড়ো আৰু তেওঁৰ নিজা ভগ্নী প্ৰিছিনিয়া নাৰ্জাৰী। জনছস্মিতৰ এই ক্লাবৰ পৰাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ উশ্বু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল যমুনা আৰু প্ৰিছিনিয়াই; যমুনা প্ৰতিযোগিতাখনত বিফল হৈছিল যদিও প্ৰিছিনিয়াই লাভ কৰিছিল ব্ৰঞ্জৰ পদক। ইয়াৰ পিছতেই জনছস্মিতে উশ্বু এৰি বেলশিৰিত ২০১০ চনত স্থাপন কৰে বেলশিৰি বক্সিং ক্লাব। এই ক্লাবতেই বক্সিঙৰ আদিপাঠ গ্ৰহণ কৰি যমুনাই ক্ৰীড়া প্ৰাধিকৰণৰ অধীনৰ ওদালগুৰি কেন্দ্ৰত স্থান লাভ কৰে। ইয়াৰ পৰাই জনছস্মিতৰ আবিষ্কাৰ যমুনা বড়োৰ ক্ৰীড়া প্ৰতিভাই লাভ কৰে উৰ্দ্ধমুখী যাত্ৰা।

কেৱল যমুনাই নে? জনছস্মিতৰ বেলশিৰি বক্সিং ক্লাৱৰ পৰাই ৰাষ্ট্ৰীয় পৰ্যায়ত মাইনা বড়ো নামৰ এগৰাকী তৰুণ প্ৰতিভাই লাভ কৰিছে সফলতা আৰু স্থান লাভ কৰিছে ক্ৰীড়া প্ৰাধিকৰণৰ কোকৰাঝাৰ কেন্দ্ৰত। ইয়াৰ উপৰিও ক্লাৱটোৰ পৰাই ৰেনুকা বসুমতাৰী, নিভা বসুমতাৰীয়েও ৰাজ্যিক বক্সিং একাডেমী অধীনত অন্তৰ্ভুক্ত হৈছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যমুনা বড়োৰ পিছে পিছে বেলশিৰি বক্সিং ক্লাৱৰ পৰা আগবাঢ়ি গৈছে এগৰাকীৰ পিছত আন এগৰাকী মহিলা বক্সাৰ। বৰ্তমানেও জনছস্মিতৰ বেলশিৰি বক্সিং ক্লাৱত ৩০ গৰাকী প্ৰশিক্ষাৰ্থীৰ ভিতৰত অধিকাংশই হৈছে ছোৱালী। যেন সকলোৱে পন লৈছে যমুনাৰ দৰেই উজলি উঠিব বিশ্ব ক্ৰীড়াংগণত।

সীমিত সুযোগ সুবিধাৰে ৰে’লৱে ষ্টেচনৰ প্লেটফ’ৰ্মত বক্সিঙৰ প্ৰশিক্ষণ প্ৰদান কৰা জনছস্মিত নামৰ এই অখ্যাত যুৱক গৰাকীৰ প্ৰচেষ্টাত ক্ৰীড়া বিপ্লৱৰ সূচনা হোৱা বেলশিৰি গাঁৱৰ প্ৰতিজন তৰুণ খেলুৱৈয়ে এতিয়া সপোন দেখিবলৈ আৰম্ভ কৰিছে। সেই সপোনক সাকাৰ ৰূপ দিবলৈ যেন প্ৰতিজ্ঞাবদ্ধ জনছস্মিত নাৰ্জাৰীও। আৰ্থিকভাৱে পিছপৰা এই গাঁওখনৰ প্ৰতিজন খেলুৱৈক বিনামূলীয়াকৈ বক্সিঙৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। ঠাইৰ অভাৱত, সীমিত সুযোগ সুবিধাৰে ৰে’লৱে প্লেটফৰ্মত এজাক তৰুণ ক্ৰীড়া প্ৰতিভাক লৈ বক্সিঙৰ কচৰত কৰা জনছস্মিতৰ এটাই লক্ষ্য, ক্লাবটোৰ তৰুণ খেলুৱৈসকলক ক্ৰীড়া প্ৰাধিকৰণৰ বাচনিৰ বাবে সাজু কৰি তোলা আৰু বাচনিত উঠিবলৈ তেওঁলোকক প্ৰস্তুত কৰি তোলা।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যমুনা বড়োৱে লাভ কৰা সফলতাৰ কৃতিত্বৰ অধিকাৰী জনছস্মিত নাৰ্জাৰীক আজিও ক্ৰীড়া বিভাগৰ কোনো আঁচনিয়ে চুব পৰা নাই। বেলশিৰিৰ দৰে অতি ভিতৰুৱা গাঁৱত নীৰৱে ক্ৰীড়া বিপ্লৱৰ সূচনা কৰা জনছস্মিত নাৰ্জাৰীক যদি চৰকাৰী পক্ষৰ পৰা অধিক সুযোগ সুবিধা প্ৰদান কৰা হয় তেনে নিশ্চিতভাৱে যে এই অঞ্চলৰ পৰা আৰু অধিক সফল বক্সাৰ ওলাই আহিব সেয়া নিশ্চিত।