Friday, September 30, 2022
HomeNewsডায়মণ্ড লীগত চেম্পিয়ন নীৰজ চোপ্ৰা

ডায়মণ্ড লীগত চেম্পিয়ন নীৰজ চোপ্ৰা

ডায়মণ্ড লীগত চেম্পিয়ন নীৰজ চোপ্ৰা

অলিম্পিয়া প্ৰতিবেদন: গল্ডেন বয় নীৰজ চোপ্ৰাৰ আন এক অভিলেখ । ডায়মণ্ড লীগত চেম্পিয়ন, টকিঅ’ অলিম্পিকত স্বৰ্ণজয়ী নীৰজ । বিশ্ব এথলেটিকছত ৰূপ জয়ৰ পাছত আনটো সাফল্য ভাৰতীয় তাৰকা এথলীটৰ ।

ভাৰতৰ বাবে আন এক গৌৰৱ কঢ়িয়াই আনিছে তাৰকা এথলীট নীৰজ চোপ্ৰাই । জুৰিখত বৃহস্পতিবাৰে অনুষ্ঠিত ডায়মণ্ড লীগ এথলেটিকছত চেম্পিয়ন খিতাপ দখল কৰিছে গল্ডেন বয় নীৰজ চোপ্ৰাই । এই খিতাপ অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে ভাৰতীয় ক্ৰীড়াক্ষেত্রত নাম খোদিত কৰিলে টকিঅ’ অলিম্পকত স্বৰ্ণপদকজয়ী নীৰজে । তীব্ৰ প্ৰত্যাহ্বানেৰে ভাৰতীয় এথলীটগৰাকীয়ে চেক গণৰাজ্যৰ জাকুব ভাল্ডজ আৰু জাৰ্মানীৰ জুলিয়ান ৱেবাৰৰ দৰে তাৰকা এথলীটক পৰাস্ত কৰি চেম্পিয়নৰ মুকুট পিন্ধিলে । নীৰজে দ্বিতীয়টো প্ৰচেষ্টাত ৮৮.৪৪ মিটাৰ জেভিলন থ্ৰ কৰি শ্ৰেষ্ঠত্বৰ দৌৰত থাকিল শীৰ্ষত ।

উল্লেখযোগ্য যে, সদ্যসমাপ্ত বাৰ্মিংহাম কমনৱেলথ গেমছত আঘাতৰ বাবে নীৰজে ভাৰতক প্ৰতিনিধিত্ব কৰিব নোৱাৰিলে । কিন্তু ইয়াৰ পাছত থমকি নাথাকিল তাৰকা ভেভলিন থ্ৰৱাৰ নীৰজ ।
বিগত জুলাই মাহত বিশ্ব এথলেটিকছত নীৰজে ভাৰতক উপহাৰ দিছিল ৰূপৰ পদক । ইয়াৰ পাছতেই ডায়মণ্ড লীগত এই সফলতাৰ বাবে উৎফুল্লিত হৈ পৰিছে দেশৰ কোটি কোটি অনুৰাগী । সকলোৱে অলিম্পিক পদকজয়ী খেলুৱৈ গৰাকীক শুভেচ্ছাৰে উপচাই পেলাইছে । হাতত ট্ৰফী লৈ বিজয়ৰ হাঁহি মাৰি এনেদৰে দেখা নীৰজক । হাজাৰ হাজাৰ দৰ্শকৰ সমাৱেশত দেশৰ বিজয়ধ্বজা উৰুৱালে ভাৰতীয় এথলীটে ।

ক্ৰীড়া অনুৰাগীৰ আশা —- আন্তঃৰাষ্ট্ৰীয় এথলেটিকছ ক্ষেত্ৰত সদায়ে অপ্ৰতিৰোধ্য হওঁক বহু যুঁজৰ নায়ক নীৰজ । প্ৰতিপক্ষৰ সোঁতৰ বিপৰীতে নীৰজে প্ৰদৰ্শন কৰক জেভলিন বিক্ৰম ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

12 − 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments