ডিব্ৰুগড় জিলাৰ বাণীপুৰ খেল পথাৰত ৭ আৰু ৮ নৱেম্বৰ তাৰিখে ২৬ সংখ্যক ডিব্ৰুগড় মাষ্টাৰ্ছ এথলেটিকছ চিলেকছন মিটৰ সফলভাৱে সমাপ্তি ঘটে। জিলাখনৰ ভিন্ন প্ৰান্তৰ প্ৰায় ২০০ গৰাকী মাষ্টাৰ্ছ এথলিটে ভিন্ন এথলেটিকছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ উপৰিও ইয়াৰ লগত সংগতি ৰাখি ৫ বছৰৰ পৰা ১৬ বছৰ বয়সৰ শিশুসকলৰ মাজত ভিন্ন শাখাত এথলেটিকছ প্ৰতিযোগিতাও অনুষ্ঠিত কৰে।

ডিব্ৰুগড় স্প’ৰ্টছ ক’চিং এণ্ড হেল্থ ফিটনেছ ডেভল্পমেন্ট চেন্টাৰে বাণীপুৰ স্প’ৰ্টছ এণ্ড ফিল্ড ডেভল্পমেন্ট কমিটিৰ উদ্দ্যোগত বাণীপুৰ খেলপথাৰত অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাত অসম অলিম্পক সন্থাৰ সহকাৰী সম্পাদক তথা ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক নিৰঞ্জন শইকীয়া উপস্থিত থাকে।ইফালে মাষ্টাৰ্ছ এথলিট মিটৰ পতাকা উত্তোলন কৰে মাষ্টাৰ্ছ এথলেটিকছ সন্থাৰ সভাপতি মোহন বৰগোঁহাইয়ে আৰু স্মৃতি তৰ্পন কৰে পঞ্চায়ত সভানেত্ৰী দীপামণি দত্তই। ইয়াৰ পিছতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শাৰীৰিক শিক্ষা আৰু ক্ৰীড়াৰ সঞ্চালক ড০ মণ্টু বড়োয়ে প্ৰতিযোগিতাখন উদ্বোধন কৰে।

অনুষ্ঠানটোৰ আয়োজক ৰাতুল মণি মহন্ত, বিজয় ভূঞা, হৰী প্ৰসাদ দত্ত, ৰমেশ বৰুৱা আৰু গণেশ গগৈয়ে প্ৰতিয়োগিতাৰ অন্তত জনাই যে, বাণীপুৰবাসীৰ সহযোগত প্ৰতিযোগিতাখন সফভাৱে সমাপ্তি ঘটে। আনহাতে প্ৰতিযোগিতাৰ পৰিচালনাৰ দায়িত্বত আছিল আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ অংকিত মহন্ত, বিজয় ভূঞা, গণেশ গগৈ, ৰমেশ বৰুৱা, বিপ্ৰৱ ভূঞা, দিগন্ত নেওগ, শন্তোষ চুতীয়া, আজিজ আলী, জিন্তু দত্ত, দীপজ্যোতি মেচ, তৰালী দত্ত আৰু মৃদু মলয়া গগৈ আদিয়ে।

