Tuesday, October 4, 2022
HomeNewsডিব্ৰুগড়ৰ জ্যেষ্ঠ মহিলা সমাজসেৱীকা তথা ক্ৰীড়া সংগঠক ক্ষীৰদা মহন্তৰ বিয়োগত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ...

ডিব্ৰুগড়ৰ জ্যেষ্ঠ মহিলা সমাজসেৱীকা তথা ক্ৰীড়া সংগঠক ক্ষীৰদা মহন্তৰ বিয়োগত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ শোক

অলিম্পিয়া বাৰ্তা

থ্ৰ’বল সন্থাৰ উপদেষ্টা ডিব্ৰুগড়ৰ পশ্চিম মিলন নগৰৰ জ্যেষ্ঠ ক্ৰীড়া সংগঠক তথা শ্ৰী শ্ৰী উলুতলি সত্ৰৰ জীয়াৰী আৰু শ্ৰী শ্ৰী জৰাবাৰী সত্ৰৰ ডেকা সত্ৰীয়া প্ৰয়াত মাণিক চন্দ্ৰ মহন্তৰ সহধৰ্মিণী ক্ষীৰদা মহন্ত‌ই যোৱা ২ আগষ্ট তাৰিখে ইহসংসাৰ ত্যাগ কৰিছে। যোৱা ২ আগষ্ট তাৰিখে বিয়লি ৫-১৫ বজাত হৃদৰোগত আক্ৰান্ত হৈ বিশিষ্ট মহিলাগৰাকীৰ মৃত্যু হোৱাত সমগ্ৰ ডিব্ৰুগড়তে শোকৰ ছা পৰিছে। উল্লেখ্য যে প্ৰয়াত ক্ষীৰদা মহন্ত ডিব্ৰুগড় জিলা থ্ৰ’বল সন্থাৰ সম্পাদক ৰাতুলমণি মহন্তৰ মাতৃ আৰু আন্তঃৰাষ্ট্ৰীয় ফেন্সিং খেলুৱৈ অংকিত মহন্তৰ আইতাক।

ক্ৰীড়া প্ৰতিযোগিতাৰ বঁটা প্ৰদান কৰাৰ সময়ত প্ৰয়াত ক্ষীৰদা মহন্ত

বিশিষ্ট ক্ৰীড়া সংগঠকগৰাকীৰ মৃত্যুত ডিব্ৰুগড় জিলা থ্ৰ’বল সন্থাৰ লগতে সমূহ বিষয়ববীয়া, ৰাষ্ট্ৰীয় খেলুৱৈ দীপ দত্ত, ক্ৰীড়া সংগঠক তথা ক্ৰীড়া সাংবাদিক শশীন্দ্ৰ লাল ভূঞা, ডিব্ৰুগড় জিলা কাবাদী সন্থা, জিলা খো খো সন্থা, জিলা কাৰাটে সন্থাকে ধৰি বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠানৰ লগতে বহু বিশিষ্ট ব্যক্তিয়ে শোক প্ৰকাশ কৰিছে। ইয়াৰ উপৰিও শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছে।

ৰাজহুৱা অনুষ্ঠানত প্ৰয়াত ক্ষীৰদা মহন্ত

মৃত্যুৰ সময়ত বিশিষ্ট মহিলাগৰাকীয়ে ইহসংসাৰত ৪ জন পুত্ৰ, বোৱাৰী, জীয়ৰী, জোঁৱাইকে ধৰি কেইবাটাও নাতি- নাতিনী এৰি থৈ যায়। অলিম্পিয়াৰ পৰিয়াল বৰ্গৰ ফালৰ পৰাও প্ৰয়াত ধৰ্মপ্ৰাণ মহিলা তথা ক্ৰীড়া সংগঠক গৰাকীৰ আত্মাৰ চিৰ শান্তি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনালোঁ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eighteen − 13 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments