Tuesday, October 4, 2022
HomeNewsডিমা হাচাওত দুঃসাহসিক জলক্ৰীড়াৰ ৰাজ্যিক প্রশিক্ষণ শিবিৰৰ পৰিসমাপ্তি

ডিমা হাচাওত দুঃসাহসিক জলক্ৰীড়াৰ ৰাজ্যিক প্রশিক্ষণ শিবিৰৰ পৰিসমাপ্তি

ডিমা হাচাওত দুঃসাহসিক জলক্ৰীড়াৰ ৰাজ্যিক প্রশিক্ষণ শিবিৰৰ পৰিসমাপ্তি

অলিম্পিয়া প্ৰতিবেদন: অসমৰ অগ্রণী দুঃসাহসিক ক্রীড়া সংগঠন ‘অসম ৰক্ এণ্ড ষ্পর্ট ক্লাইম্বিং এছচিয়েছন ‘ ( Assam Rock & Sport Climbing Association) ৰ উদ্যোগত যোৱা ১৬ৰ পৰা ১৭ এপ্ৰিললৈ পাহাৰীয়া ডিমা হাচাও জিলাৰ পানীমূৰ অঞ্চলত আয়োজন কৰা এক দুঃসাহসিক জলক্ৰীড়া প্রশিক্ষণ শিবিৰ সফলতাৰে অনুষ্ঠিত কৰা হল ৷ এই শিবিৰত অসমৰ বিভিন্ন প্ৰান্তৰ কিশোৰ/ কিশোৰী তথা যুৱক/যুৱতীকে ধৰি সর্বমুঠ ২২ গৰাকী প্ৰশিক্ষাৰ্থী আছিল ।

আৰু অধিক পঢ়ক

এই শিবিৰ পানীমূৰ অঞ্চলৰ কপিলী নৈৰ পাৰত সংগঠনৰ অভিজ্ঞ প্ৰশিক্ষক তথা জলক্ৰীড়া বিশেষজ্ঞৰ তত্বাৱধানত অনুস্থিত কৰা হৈছিল । প্ৰশিক্ষাৰ্থীসকলক পাহাৰীয়া খৰস্ৰোতা নৈ পাৰ কৰা, হুৱাইট ৱাটাৰ ৰাফ্টিং ইত্যাদিৰ প্ৰশিক্ষণ দিয়া হয় । সংগঠনৰ উচ্চ প্ৰশিক্ষণপ্ৰাপ্ত আৰু অভিজ্ঞ সদস্যসকলে ৰাফ্টিঙৰ বিষয়ে প্ৰাথমিক প্ৰশিক্ষণ দিয়াৰ লগতে কপিলী নৈৰ খৰস্ৰোতা সোঁতত ৰাফ্টিঙ কৰাৰো সুযোগ দিয়ে ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

অনুস্থানৰ অন্তত সংগঠনৰ তৰফৰ পৰা প্রশিক্ষণ শিৱিৰত অংশগ্রহণ কৰা প্রতিজন প্রশিক্ষার্থী , অভিভাৱক তথা শিবিৰটো সূচাৰুৰূপে পৰিচালনা কৰাত সহযোগ কৰা প্রতিজন সদস্যৰ লগতে মিডিয়া বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰা হয় l বাতৰিটো প্ৰেৰণ কৰিছে অসম ৰক্ এণ্ড ষ্পর্ট ক্লাইম্বিং এছচিয়েছনৰ যুটীয়া সম্পাদক অৰূপজ্যোতি চৌধুৰীয়ে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments