ডিমৌত টাংচু ডো খেলুৱৈক সম্বৰ্ধনা
অলিম্পিয়া প্ৰতিবেদন: ডিমৌত টাংচু ডো খেলুৱৈক সম্বৰ্ধনা । ৰাষ্ট্ৰীয় টাং চু ডেত পদকপ্ৰাপ্ত খেলুৱৈসকলক উষ্ম আদৰণি । উপস্থিত বিধায়ক সুশান্ত বৰগোঁহাই । দেওবাৰে ডিমৌ শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰেক্ষাগৃহত অনন্য পৰিবেশ । ডিমৌ টাং চু ডো ক্লাবৰ উদ্যোগত আয়োজন কৰা হল সম্বৰ্ধনা অনুষ্ঠান ।
উল্লেখযোগ্য যে, চলিত বৰ্ষৰ এপ্ৰিল মাহত শিৱসাগৰত অনুষ্ঠিত প্ৰথম উজনি অসম টাং চু ডো চেম্পিয়নশ্বিপত ডিমৌৰ টাংচু ডো একাডেমীয়ে লাভ কৰিছিল শ্ৰেষ্ঠ দলৰ সন্মান । ইয়াৰ উপৰি, এই একাডেমীৰ ৯ গৰাকী খেলুৱৈয়ে দিল্লীত অনুষ্ঠিত অষ্টম ৰাষ্ট্ৰীয় টাংচু ডো চেম্পিয়নশ্বিপতো পদক লাভেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল । সেইসকল প্ৰতিভাৱান খেলুৱৈক উৎসাহিত কৰিবৰ বাবে একাডেমীৰ তৰফৰ পৰা আয়োজন কৰা হৈছে এক সম্বৰ্ধনা অনুষ্ঠানৰ ।
অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক
ডিমৌ টাংচু ডো ক্লাবৰ সভাপতি তথা অধ্যাপক অজয় কুমাৰ গগৈৰ সভাপতিত্বত খেলুৱৈসকলক উষ্ম আদৰণি জনোৱা হয় । এই বিশেষ অনুষ্ঠানত উপস্থিত থাকিল বিধায়ক সুশান্ত বৰগোঁহাই । তেওঁ আগন্তুক সময়ত ডিমৌ টাংচু ডো ক্লাবক সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে । খেলুৱৈসকলক অনুশীলনৰ বাবে এটা ইনড’₹ৰ ষ্টেডিয়াম নিৰ্মাণৰ আশ্বাস দিয়াৰ বাবে ধন্যবাদ জনালে শিৱসাগৰ জিলা টাংচু ডো ক্লাবৰ সহকাৰী সম্পাদক তথা ডিমৌ টাংচু ডো ক্লাবৰ সম্পাদক দীপাংকৰ চেতিয়াই ।
ক্ৰীড়া অনুৰাগীৰ আশা — ক্ৰীড়াঙ্গনত দপদপাই থাকক ডিমৌ টাং চু ডো ক্লাবৰ খেলুৱৈয়ে । এই বিজয়ধাৰা ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ ধাবমান হওক ।