Friday, September 30, 2022
HomeNewsডি এছ পি সাজত স্বৰ্ণকন্যা নয়নমণি শইকীয়া

ডি এছ পি সাজত স্বৰ্ণকন্যা নয়নমণি শইকীয়া

ডি এছ পি সাজত স্বৰ্ণকন্যা নয়নমণি শইকীয়া

অলিম্পিয়া প্ৰতিবেদন: ডি এছ পি সাজত স্বৰ্ণকন্যা নয়নমণি শইকীয়া । আৰক্ষী সঞ্চালক প্ৰধান আৰু মুখ্যমন্ত্ৰীয়ে ডিএছপি সাজত ৰোপন কৰিলে থ্ৰী ষ্টাৰ । ক্ৰীড়া পেঞ্চন দিৱসত অসম কন্যালৈ ডিএছপিৰ মৰ্যাদা অসম চৰকাৰৰ ।

আজি ৩ ছেপ্টেম্বৰ । অসমৰ প্ৰথমগৰাকী অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন । এই বিশেষ দিনটো ৰাজ্য চৰকাৰে পালন কৰি আহিছে ক্ৰীড়া পেঞ্চন দিৱস হিচাপে । শনিবাৰে, জনতা ভৱনত ৰাজ্য চৰকাৰৰ বিশাল আয়োজন । এই অনুষ্ঠানতে চলিত বৰ্ষৰ কমনৱেলথ গেমছ লনবলত স্বৰ্ণ জয়ী নয়নমণিক শইকীয়াক অসম চৰকাৰৰ ক্ৰীড়া নীতি অনুসৰি প্ৰদান কৰা হ’ল অসম আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষকৰ নিযুক্তিপত্র ।

লগতে নয়নমণি শইকীয়াক ৰাজ্য চৰকাৰে প্ৰদান কৰিলে ৫০ লাখ টকাৰ চেক । এই বিশেষ দিনটোত সম্পূৰ্ণ ডি এছ পি সাজত দেখা গল স্বৰ্ণকন্যা নয়নমণিক । নয়নমণিৰ চকুত জিলিকিল প্ৰাপ্তিৰ হাঁহি । আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নয়নমণিৰ ডি এছ পি সাজত ৰোপন কৰিলে থ্ৰী ষ্টাৰ । এতিয়াৰ পৰা কমনৱেলথ গেমছৰ লনবলত স্বৰ্ণজয়ী নয়নমণি শইকীয়াৰ অন্য এক চিনাকী হ’ল ডি এছ পি । এই পদত অধিষ্ঠিত হৈ নয়নমণিয়ে প্ৰকাশ কৰিলে মনোভাৱ ।

নয়নমণিকে ধৰি ক্ৰীড়া নীতি অনুসৰি ডি এছ পি পদত ইতিমধ্যে অধিষ্ঠিত হৈছে হিমা দাস আৰু লাভলীনা বৰগোঁহাই । অনাগত দিনত তিনিওগৰাকী খেলুৱৈ মিলি অসম আৰক্ষীতো এক সুন্দৰ ক্ৰীড়াৰ পৰিবেশ সৃষ্টিৰ বাবে আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে ।

ইয়াৰ উপৰি, এই অনুষ্ঠানতে নিৰ্বাচিত ক্ৰীড়াবিদসকলক এককালীন সাহায্য আৰু নিয়মীয়া মাহিলী ক্ৰীড়া পেঞ্চন প্ৰদান কৰিলে ৰাজ্য চৰকাৰে । লগতে ৪ গৰাকী সৰ্বশ্ৰেষ্ঠ এন চি চি কেডেটলৈ আগবঢ়োৱা হল বীৰ চিলাৰায় বঁটা ।এককালীন সাহায্য লাভ কৰি আনন্দিত আন্তঃৰাষ্ট্ৰীয় উশ্বু খেলুৱৈ ৰজনী দেউৰী । ইফালে, ক্ৰীড়া পেঞ্চন দিৱসত মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা — নেচনেল গেমছত পদকজয়ী খেলুৱৈলৈ চৰকাৰী চাকৰি প্ৰদান কৰিব ৰাজ্য চৰকাৰে । এই নিযুক্তি হ’ব শিক্ষাগত অৰ্হতাৰ ভিত্তিত ।

অসমৰ প্ৰথমগৰাকী অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত সকলো ক্ৰীড়াপ্ৰেমীয়ে জনাইছে শুভেচ্ছা । অসমবাসীৰ কামনা – — ভোগেশ্বৰ বৰুৱাৰ ক্ৰীড়া জীৱনৰ কথাৰে অনুপ্ৰাণিত হওক নৱ প্ৰজন্ম । অসমৰ নতুন ক্ৰীড়া নীতিয়ে নতুন খেলুৱৈক দিয়ক অনুপ্ৰেৰণা । খেলৰ জৰিয়তেও যে কৰ্ম সংস্থাপন সম্ভৱ হিমা, লাভলিনা, নয়নমণি, তাৰেই জলন্ত উদাহৰণ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments