Friday, September 30, 2022
HomeNewsডুবাই ষ্টেডিয়ামত গৌতম গম্ভীৰৰ হাতত শ্ৰীলংকাৰ পতাকা

ডুবাই ষ্টেডিয়ামত গৌতম গম্ভীৰৰ হাতত শ্ৰীলংকাৰ পতাকা

ডুবাই ষ্টেডিয়ামত গৌতম গম্ভীৰৰ হাতত শ্ৰীলংকাৰ পতাকা

অলিম্পিয়া প্ৰতিবেদন: ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত শেষ হাঁহি মাৰিলে দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাই । দেওবাৰে পাকিস্তানক ২৩ ৰাণত হৰুৱাই এছিয়া কাপৰ জয়ৰ ট্ৰফী হাতত ললে সিংহলীবাহিনীয়ে । এইবাৰৰ সৈতে এচিয়া কাপৰ ছবাৰৰ চেম্পিয়ন হ’ল দ্বীপৰাষ্ট্ৰ শ্ৰী লংকা । ইয়াৰ আগত ১৯৮৬ , ১৯৯৭ ,২০০৪ , ২০০৮ আৰু ২০১৪ চনত চেম্পিয়ন দল আছিল সিংহলীবাহিনী ।

প্ৰতিবেশী দেশ শ্ৰীলংকাৰ বিজয়ত ভাৰতীয় সমৰ্থকৰো আনন্দ দেখিবলৈ পোৱা গ’ল । সেই আনন্দৰে ভাগ ল’লে প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰে । উল্লেখযোগ্য যে ভাৰতৰ প্ৰাক্তন বিশ্বকাপ জয়ী দলৰ অপেনাৰজন এই টুৰ্ণামেন্টৰ ধাৰাভাষ্যকাৰ হিচাপে উপস্থিত থাকে ফাইনেলৰ দিনা । ফাইনেলত জয়ৰ পাছত প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে খেলপথাৰত নামি গেলেৰীত থকা শ্ৰীলঙ্কাৰ অনুৰাগীৰ লগত শ্ৰীলংকাৰ পতাকা হাতত লৈ বিজয় উদযাপন কৰা দেখা গ’ল ।

এই মধুৰ ক্ষণৰ ভিডিঅ’ গৌতম গম্ভীৰে তেওঁৰ নিজৰ ইনষ্ট্ৰাগামত শ্বেয়াৰ কৰিছে । লগতে কেপচনত লিখিছে, “ছুপাৰ ষ্টাৰ টিম । সঁচাকৈয়ে জয়ৰ দাবীদাৰ তেওঁলোক ।” লগতে খেলুৱৈজনে সমগ্ৰ শ্ৰীলঙ্কাক ইনষ্ট্ৰাগামৰ জড়িয়তে জনালে শুভেচ্ছা । এই প’ষ্টে ছচিয়েল মিডিয়াত ব্যাপক অগ্ৰাধিকাৰ পাইছে । ছচিয়েল মিডিয়াত খেলুৱৈগৰাকীও খুবেই সক্ৰিয় । খেলুৱৈগৰাকীৰ এনে সুন্দৰ ক্ষণৰ বাবে সকলো অনুৰাগীয়ে ছচিয়েল মিডিয়াৰ জড়িয়তে ধনাত্মক বাৰ্তা প্ৰেৰণ কৰিলে । লগতে সকলোৱে প্ৰাক্তন খেলুৱৈজনৰ এনে সুন্দৰ মানসিকতাক শলাগিলে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

10 − nine =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments