Monday, October 3, 2022
HomeNewsডুৰাণ্ড কাপৰ ট্ৰফীৰ সৈতে ফটো তুলিবলৈ ৰাজ্যপাল লা গণেশনে হাতেৰে ঠেলি আঁতৰাই...

ডুৰাণ্ড কাপৰ ট্ৰফীৰ সৈতে ফটো তুলিবলৈ ৰাজ্যপাল লা গণেশনে হাতেৰে ঠেলি আঁতৰাই দিলে সুনীল ছেত্ৰীক

অলিম্পিয়া প্ৰতিবেদন

বহু প্ৰতীক্ষাৰ অন্তত অৱশেষত ঐতিহ্যমণ্ডিত ডুৰাণ্ড কাপ জয় কৰিলে বেংগালুৰু এফ চি এ ৷ কলকাতাক ছল্টলেক ষ্টেডিয়ামত দেওবাৰে এক উত্তেজনাপূৰ্ণ মেচত মুম্বাই চিটি এফ চিক ২-১ গ’লত পৰাস্ত কৰি কাপ জয় কৰিলে সুনীল ছেত্ৰীৰ নেতৃত্বাধীন দলটোয়ে ৷ কিন্তু সেই ট্ৰফী হাতত লৈ ফটো তুলিবলৈ যাওঁতে বাধা পালে স্বয়ং অধিনায়কগৰাকীয়ে ৷ পশ্চিমবংগৰ অস্থায়ী ৰাজ্যপাল লা গণেশনে নিজেই হাতেৰে ঠেলি আঁতৰাই দিছে স্বয়ং ভাৰতৰ অধিনায়কগৰাকীক ৷ এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে নেটিজেনৰ ককৰ্থনাৰ সন্মুখীন হৈছে ৰাজ্যপাল গণেশন ৷ কলকাতাত ডুৰাণ্ড কাপ ফাইনেলৰ বঁটা বিতৰণী অনুষ্ঠানত আমন্ত্ৰণ কৰা হৈছিল মন্ত্ৰী অৰূপ বিশ্বাস আৰু অস্থায়ী ৰাজ্যপাল লা গণেশনক ৷ মেচৰ শেষত চেম্পিয়নৰ ট্ৰফী ল’বলৈ যায় বেংগালুৰু দলৰ অধিনায়ক সুনীল চেত্ৰী ৷ ৰাজ্যপাল গণেশনে তেওঁৰ হাতত ট্ৰফী তুলি দিয়ে ৷ তাৰ পাছৰ ঘটনাই সৃষ্টি কৰিলে বিতৰ্কৰ ৷ ভাইৰেল হোৱা ভিডিঅ’ত দেখা গ’ল, ট্ৰফী বিতৰণৰ সময়ত সকলোকে ফটো তোলাৰ বাবে ফটোগ্ৰাফাৰসকলে আহ্বান জনাইছে ৷ সেই সময়তে সুনীলৰ কান্ধত হাত দি ৰাজ্যপাল গণেশনে তেওঁক আঁতৰি যাবলৈ কৈছে ৷ তেওঁক যাতে ফটোত ঠিকমতে দেখা যায় সেই কাৰণেই এনে আচৰণ কৰে পশ্চিমবংগৰ ৰাজ্যপাল গৰাকীয়ে ৷ এতিয়া এই ভিডিঅ’ দেখি ক্ষুব্ধ হৈ পৰিছে নেটিজেন ৷ ভাৰতীয় ফুটবলৰ অধিনায়কৰ সৈতে ৰাজ্যপালৰ এই আচৰণ সহ্য হোৱা নাই নেটিজেনসকলৰ ৷ ইয়াৰ ফলত তুমুল সমালোচনাৰ সন্মুখীন হৈছে ৰাজ্যপাল গণেশন ৷ তেওঁক কটাক্ষ কৰি এজন নেটিজনে লেখিছে–‘‘ডুৰাণ্ড কাপ জয়ৰ বাবে পশ্চিমবংগৰ ৰাজ্যপালক অশেষ অভিনন্দন ৷’’ আন এজনে লিখিছে–‘‘ কেৱল মাত্ৰ ফটো তোলাৰ বাবে এজন কিংবদন্তি ফুটবলাৰৰ লগত এনেধৰণৰ ব্যৱহাৰ কোনো পধ্যই মানি ল’ব নোৱাৰি ৷’’ ভাইৰেল হোৱা ভিডিঅ’টো শ্বেয়াৰ কৰা সকলৰ ভিতৰত অনেক ফুটবলৰ সৈতে সম্পৰ্ক নথকা ব্যক্তিও আছে ৷ ফুটবলৰ পীঠস্থান বুলি গণ্য কৰা কলকাতাৰ বুকুত এনেধৰণৰ ঘটনা কাৰো কাম্য নহয় বুলি সকলোৱে মতপ্ৰকাশ কৰিছে ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

13 + 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments