Tuesday, July 5, 2022
HomeNewsডেব্ৰুগড় বিশ্ববিদ্যালয়ত আন্তঃআৱাসিক স্প'ৰ্টছ একাডেমী গঠন

ডেব্ৰুগড় বিশ্ববিদ্যালয়ত আন্তঃআৱাসিক স্প’ৰ্টছ একাডেমী গঠন

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শাৰীৰিক শিক্ষা আৰু ক্ৰীড়া অধ্যয়ন কেন্দ্ৰত স্থাপন কৰা হৈছে এটি আন্তঃআৱাসিক স্প’ৰ্টছ একাডেমী। এই একাডেমীত প্ৰথম পৰ্যায়ত ফুটবল, এথলেটিকছ, বেডমিণ্টন, টেবুল টেনিছ, টেনিছ আৰু যোগক অন্তৰ্ভুক্ত কৰা হৈছে। ৬ বছৰ বয়সৰ পৰা ১২ বছৰ বয়সৰ ল’ৰা আৰু ছোৱালী উভয়কে এই ইভেণ্টসমূহত প্ৰশিক্ষণ প্ৰদান কৰি অদূৰ ভৱিষ্যতে একোগৰাকী সফল খেলুৱৈ হিচাপে গঢ়ি তোলাতোৱেই একাডেমীৰ মূল লক্ষ্য। একাডেমিখনৰ জৰিয়তে তৃণমূল পৰ্যায়ৰ পৰা প্ৰতিভাৱান খেলুৱৈ বুটলি আনি উন্নত মানৰ প্ৰশিক্ষণৰ দ্বাৰা সফল খেলুৱৈ সৃষ্টিত গুৰুত্ব প্ৰদান কৰিব।

বিশ্ববিদ্যালয়খনত স্থাপন হোৱা এই আন্তঃআৱাসিক স্পৰ্টছ একাডেমিখনত নামভৰ্ত্তি কৰিব বিচৰা ইচ্ছুক ল’ৰা-ছোৱালী তথা অভিভাৱকসকলক ১২ মাৰ্চৰ পূৰ্বে ৯৯৫৪৯৩৪০০৩ মোবাইল নাম্বাৰত আৰু cspes@dibrw.ac.in ই-মেইলৰ যোগেদি যোগাযোগ কৰি সবিশেষ তথ্য আহৰণ কৰিব পাৰিব। উল্লেখ্য যে একাডেমিখনৰ বাবে খেলুৱৈৰ পঞ্জীয়ন ১৫ মাৰ্চৰ পৰা আৰম্ভ হ’ব আৰু প্ৰশিক্ষণ ১মেৰ পৰা আৰম্ভ হ’ব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

8 − 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments