Friday, September 30, 2022
HomeNewsতামুলপুৰৰ পদ্মপাৰাত পৰম্পৰাগত খেল -ধেমালি

তামুলপুৰৰ পদ্মপাৰাত পৰম্পৰাগত খেল -ধেমালি

তামুলপুৰৰ পদ্মপাৰাত পৰম্পৰাগত খেল -ধেমালি

অলিম্পিয়া প্ৰতিবেদন: তামুলপুৰ পদ্মপাৰা উদুলি-মুদুলি । পৰম্পৰাগত খেল- ধেমালিৰ বাবে পহিলা বহাগৰ দিনা ওলাই আহিল অঞ্চলটোৰ ৰাভা মহিলাসকল । ৰঙালীৰ উলহ মালহৰ লগতে উপভোগ কৰিলে খেলৰ মাদকতা । ৰঙালীৰ আনন্দ উপভোগ কৰিছে তামুলপুৰ জিলাৰ পদ্মপাৰাবাসী ৰাইজে । ৰাভাৰ পৰম্পৰাগত নৃত্যত জীপাল হ’ল পদ্মপাৰা খেলপথাৰ । মাছ মৰা নৃত্য দেখা গ’ল পহিলা বহাগৰ দিনা । জাকৈ- খালৈ লৈ ঘৰে ঘৰে গৈ প্ৰদৰ্শন কৰিলে পৰম্পৰাগত নৃত্য । ইয়াৰ মাজতে ক্ৰীড়াৰ সুন্দৰ পৰিবেশত বুৰ গল পদ্মপাৰা ।

আৰু অধিক পঢ়ক

পদ্মপাৰাৰ খেলপথাৰত ৰঙালীৰ আনন্দৰ মাজতে টোটোলা ৰাভা কৃষ্টি দলে আয়োজন কৰিলে পৰম্পৰাগত খেল- ধেমালি । স্থানীয় মহিলাসকলে ৰছী টনা খেলত অংশগ্ৰহণ কৰি ৰঙালীক কৰিলে অধিক ৰঙীন । টেকেলি ভঙা, উঠা বহা, পানী পাৰ, বেজিত সূতা ভৰাই দৌৰা আদি খেলত জীপাল হ’ল পদ্মপাৰা । কেৱল চৌদিশে ৰাভাৰ পৰম্পৰাগত নৃত্যৰ লগতে পৰম্পৰাগত খেলৰ উচাহ । ৰাভা জনগোষ্ঠীয় শব্দত একাংশই খেলিলে মিউজিকেল চেয়াৰ । এইদৰেই প্ৰায় ২৫ গৰাকী ৰাভা জনগোষ্ঠীয় মহিলাই ৰাভাৰ পৰম্পৰাগত খেলত অংশগ্ৰহণ কৰি আনন্দিত হৈ পৰিল ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

সাতবিহুলৈকে চলিব পদ্মপাৰাত এই ৰঙালীৰ বিশেষ পৰম্পৰা । ইয়াৰ মাজতে বহাগৰ প্ৰথম দুটা দিনত খেল – ধেমালিৰ ৰাগীত মতলীয়া হ’ল পদ্মপাৰাৰ ৰাভা মহিলা সকল । পৰম্পৰাগত খেলেৰ জীপাল অসমৰ প্ৰতিটো প্ৰান্তৰ । বাপতি সাহোন বিহুটিত নিজৰ কৃষ্টি সংস্কৃতিৰ লগতে পৰম্পৰাগত খেলৰ আয়োজনে কঢ়িয়াই আনিছে আশাৰ বতৰা । ক্ৰীড়া অনুৰাগীৰ আশা — তামুলপুৰ পদ্মপাৰাৰ দৰে অসমৰ গাৱে- ভূঞে, চহৰে নগৰে পুনৰ উজ্জীৱিত হওক বিলুপ্তপ্ৰায় পৰম্পৰাগত খেল-ধেমালি ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

10 − four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments