Wednesday, July 6, 2022
HomeNewsতাল -পেপাৰ শব্দত মুখৰিত গুৱাহাটীৰ তৰুণৰাম ফুকন ইনড'ৰ ষ্টেডিয়ামৰ প্ৰেক্ষাগৃহ

তাল -পেপাৰ শব্দত মুখৰিত গুৱাহাটীৰ তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামৰ প্ৰেক্ষাগৃহ

অলিম্পিয়া প্ৰতিবেদন

তাল -পেপাৰ শব্দত মুখৰিত গুৱাহাটীৰ তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামৰ প্ৰেক্ষাগৃহ । অসমত ক্ৰীড়া বাতৰিৰ শতবৰ্ষ উপলক্ষে বিশেষ চিহ্ন উন্মোচন ।

শুক্ৰবাৰে, অসম সাংবাদিক ক্ৰীড়া সন্থাই আয়োজন কৰিলে চিহ্ন উন্মোচনী অনুষ্ঠানত । অসমত ক্ৰীড়া বাতৰিৰ প্ৰচাৰৰ শতবৰ্ষ উদযাপন কৰিব অসম ক্ৰীড়া সাংবাদিক সন্থাই । ৰাজ্যৰ বিভিন্ন ঠাইত এই কাৰ্যসূচীসমূহ অনুষ্ঠিত হ’ব । অহা ২ জুলাইৰ পৰা আৰম্ভ হ’ব লগা বছৰজোৰা কাৰ্যসূচীৰ অংশস্বৰূপে দুটাকৈ চিহ্ন উন্মোচন কৰিলে অসম ক্ৰীড়া সাংবাদিক সন্থাই । এটা অসমীয়া আৰু আনটো ইংৰাজী ভাষাৰ চিহ্ন উন্মোচন কৰিলে অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ আৰু গুৱাহাটী ক্ৰীড়া সন্থাৰ সভাপতি পুলক গোস্বামীয়ে ।

 

উল্লেখযোগ্য যে, ১৯২৩ চনৰ ১ জুলাইত অসমত প্ৰকাশ পাইছিল প্ৰথমটো খেল সমন্ধীয় বাতৰি । লগতে সেই একে বৰ্ষতে ২০ মে’ত প্ৰকাশ পাইছিল প্ৰথমটো ক্ৰীড়াৰ বিজ্ঞাপন । গতিকে প্ৰথমে ক্ৰীড়া বিজ্ঞাপন প্ৰচাৰৰ দিনটোতে বিশেষ চিহ্ন উন্মোচন কৰিলে অসম ক্ৰীড়া সাংবাদিক সন্থাই । অসমত ক্ৰীড়াৰ গভীৰতা উপলব্ধি কৰি অসমৰ সমাজ জীৱনত প্ৰতিষ্ঠা কৰাই তেওঁলোকৰ উদ্দেশ্য বুলি উল্লেখ কৰিলে অসম ক্ৰীড়া সাংবাদিক সন্থাৰ সভাপতি সুবোধ মল্ল বৰুৱাই ।

 

উল্লেখযোগ্য যে, এই উন্মোচনী অনুষ্ঠানত উপস্থিত থাকিল অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ বহু খেলুৱৈৰ লগতে ক্ৰীড়া সংগঠক । ক্ৰীড়া অনুৰাগীৰ আশা – – অসম ক্ৰীড়া সাংবাদিক সন্থাই আয়োজন কৰা বছৰজোৰা কাৰ্যসূচী সাফল্যমণ্ডিত হৈ উঠক । ক্ৰীড়া বাতৰিৰ শতবৰ্ষৰ প্ৰাকক্ষণত অসম ক্ৰীড়াঙ্গন আগুৱাই যাওক, তাকেই কৰিছে সকলোৱে কামনা ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

9 − four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments