তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ নতুন সমিতিখন যোৱা ২০ডিচেম্বৰত সন্থাৰ সাধাৰণ সভাত গঠন কৰা হয়। ৯১ জন ভোটাৰেৰে সভাপতি, দুজন সহকাৰী সম্পাদকৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ লগতে অন্যান্য পদবী সমূহত বিনা প্ৰতিদ্বন্দিতাৰেই ক্ৰীড়া সংগঠকসকল নিৰ্বাচিত হয়। নিৰ্বাচনৰ ফলাফল অনুসৰি তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে ডাঃ ব্ৰজেন গোঁহাই।
নৱনিৰ্বাচিত জিলা সমিতিখন : সভাপতি ডাঃ ব্ৰজেন গোঁহাই, উপ সভাপতি কেশৱ বৰা, অৰূপ ৰাজখোৱা, নীলকান্ত ফুকন, প্ৰাঞ্জল মহন। সাধাৰণ সম্পাদক জীৱন বৰুৱা, সহকাৰী সাধাৰণ সম্পাদক মনোজ গগৈ, প্ৰণৱজ্যোতি গগৈ, কোষাধক্ষ্য ৰফিক আহমেদ, খেল পথাৰ সম্পাদক মহেশ্বৰ ৰায়, সহকাৰী খেল পথাৰ সম্পাদক অনুজ গগৈ, ফুটবল সম্পাদক সীমান্ত মৰাণ, সহকাৰী ফুটবল সম্পাদক জয়ন্ত দহোটীয়া, ক্ৰিকেট সম্পাদক পাৰ্থপ্ৰতীম বৰা, সহকাৰী ক্ৰিকেট সম্পাদক ৰূপজ্যোতি ভৰদ্বাজ, এথলেটিকছ সম্পাদক কপিধৰ হাজৰিকা, সহকাৰী এথলেটিকছ সম্পাদক মুনিন্দ্ৰ চেতিয়া, ভলীবল সম্পাদক ৰাজেন মৰাণ, সহকাৰী ভলীবল সম্পাদক গোলাপ গোহাঁই বেডমিণ্ট সম্পাদক ভূপেন ফুকন, সহকাৰী বেডমিণ্টন সম্পাদক জিতেন গগৈ, টেনিছ সম্পাদক বসন্ত চুতীয়া, টেবুল টেনিছ সম্পাদক প্ৰতাপ মৰাণ, হকী সম্পাদক প্ৰেমানন্দ খনিকৰ, সহকাৰী হকী সম্পাদক বিজয় সিং, ৰেফাৰী সম্পাদক মনোজ গগৈ, ব্যায়ামাগাৰ সম্পাদক ধীৰুকমল নেওগ, কাৰ্যালয় সম্পাদক কাজল দত্ত।