তৃতীয় লীংগৰ সমৰ্থনত নামিল তাৰকা শ্বাটলাৰ ছাইনা নেহৱাল। সমাজত তৃতীয় লীংগসকলৰ প্ৰতি সাধাৰণ ৰাইজৰ যি বিয়োগাত্মক মনোভাৱ আছে তাক সলনি কৰিবলৈ বলিউদৰ জনপ্ৰিয় অভিনেতা অক্ষই কুমাৰৰ অভিনয়ৰে শীঘ্ৰে মুকলি পাব এখন বোলছবি। ‘লক্ষ্মী’ নামৰ এই বোলছবিখনৰ জৰিয়তে তৃতীয় লীংগসকলৰ সমাজত এক মৰ্যদাসম্পন্ন জীৱনৰ বাবে মাত মাত মাতিব।বোলছবিখনৰ ইতিমধ্যে এটা গান মুকলি হোৱাৰ লগতে পোষ্টাৰো মুকলি হৈছে। লগে লগে বোলছবিখনক লৈ চৰ্চা আৰম্ভ হৈছে।
নেটিজেনসকলে কপালত ৰঙা ফোট লৈ তৃতীয় লীংগক সমৰ্থন জনাবলৈ আৰম্ভ কৰাৰ এক ট্ৰেণ্ড সৃষ্টি হৈছে। এইদৰে নেটিজেনসকলৰ লগত ৰঙা ফুটলৈ তৃতীয় লীংগৰ সামাজিক মৰ্যদা উদ্ধাৰৰ বাবে আগবাঢ়ি আহিছে তাৰকা শ্বাটলাৰ ছাইনা নেহৱালো। ছাইনাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে এক পোষ্ট শ্বেয়াৰ কৰিছে, য’ত তেওঁ ৰঙা ফোট লৈছে। লগতে অক্ষয় কুমাৰৰ এই প্ৰচেষ্টাক সমৰ্থন কৰাৰ লগতে তৃতীয় লীংগৰ প্ৰতি থকা মানুহৰ ধাৰণা সলনি কৰিবলৈ অনুৰোধ জনাইছে।
https://www.instagram.com/p/CHShzIiD7Vu/?igshid=qs2c6llu7o62