অষ্টম তুলসী গোবিন্দ বৰুৱা মিডিয়া ক্ৰিকেট প্ৰতিযোগিতাত প্ৰাগ নিউজে চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে। জজ খেল পথাৰত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ চূড়ান্ত খেল খনত প্ৰাগ নিউজে অসমীয়া প্ৰতিদিনক ৯ উইকেটত পৰাস্ত কৰিবলৈ সক্ষম হয়। প্ৰথমে বেটিং কৰিবলৈ আহি অসমীয়া প্ৰতিদিনে ১৮.২ অভাৰত ১০৪ ৰান কৰিবলৈ সক্ষম হয়। অসমীয়া প্ৰতিদিনৰ হৈ জগজিত সিঙে সৰ্বাধিক ৩২, মনজিত বাবী শৰ্মাই ২৭ ৰান কৰিবলৈ সক্ষম হয়। ইয়াৰ বিপৰীতে প্ৰাগ নিউজে মৃগাংক শৰ্মাৰ ৪৬ ৰান, অমিত দাসৰ ৪৫ ৰানৰ সহায়ত মাত্ৰ ১২.৩ অভাৰতে নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰিবলৈ সক্ষম হয়।
প্ৰতিযোগিতাৰ চূড়ান্ত খেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰাৰ লগতে শ্ৰেষ্ঠ বলাৰৰ সন্মান লাভ কৰে সঞ্জিত বাছফোৰে। আনহাতে শ্ৰেষ্ঠ বেটছমেন মৃগাংক শৰ্মা আৰু প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ ৰূপে বিবেচিত হয় অমিত দাস।
প্ৰতিযোগিতাৰ অন্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বঁটাসমূহ প্ৰদান কৰাৰ লগতে তেওঁৰ লগত উপস্থিত থাকে মুখ্যমমন্ত্ৰীৰ প্ৰেছ উপদেষ্টাদ্বয় হৃষীকেশ গোস্বামী, শান্তনু ভৰালী।